দৈৰ উপকাৰিতাৰ বিষয়ে জানেনে?
অসমীয়াৰ জলপানৰ ভিতৰত অন্যতম হৈছে দৈ। চিৰা, কোমল চাউল আদি দৈ লগত সকলোৱে জুতি লয়। দৈ অবিহনে যেন আধৰুৱা ঘৰৰ বিভিন্ন অনুষ্ঠান।
দৈৰ লগত অসমীয়া সমাজৰ চিনাকি পুৰণিকলীয়া৷ দৈৰ প্রচুৰ উপকাৰীতাৰ কাৰণে অসমত দৈ এবিধ প্রিয় খাদ্য। কোৱা হয় যে গাখীৰতকৈও দৈ বেছি উপকাৰী।
দৈ স্বাস্থ্য আৰু সৌন্দৰ্য উভয়ৰ বাবে খুব ভাল৷ সতেজ দৈত প্ৰচুৰ পুষ্টি পোৱা যায়, যি আমাৰ দেহৰ বাবে উপকাৰী৷ চিকিৎসক আৰু ডায়েটিচিয়ানসকলে দুপৰীয়াৰ খাদ্যত এক বাটি দৈ খোৱাৰ পৰামর্শ দিয়ে।
গাখীৰত অধিক মাত্ৰাত ফেট আৰু মসৃণতা আছে যাৰ কাৰণে ই কিছু সময় পিছত শৰীৰত পার্শ্ব প্রতিক্রিয়া সৃষ্টি কৰে।
দৈ প্ৰোবায়’টিক নামৰ উপকাৰী বেক্টেৰিয়াৰ এবিধ থাকে। এই প্ৰোবায়’টিকে স্বাস্থ্য সঠিক কৰি পেটৰ সমস্যা, কোষ্টবদ্ধতা আদি ৰোগ নিৰাময় কৰাত সহায় কৰে।
গাখিৰৰ তুলনাত দৈ সহজে হজম হয়, বিশেষকৈ লেক্ট’জ ইনট’লাৰেন্স থকা লোকৰ বাবে।হাড় আৰু দাঁত মজবুত কৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। প্ৰোবায়’টিকে স্বাস্থ্য উন্নত কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। দৈৰ নিয়মীয়া সেৱনে শৰীৰক বহু ৰোগৰ পৰা সুৰক্ষিত ৰাখে। ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে দৈয়ে।
দৈত কেল’ৰী কম থাকে আৰু প্ৰ’টিনঅধিক থাকে। সেয়েহে ই পেট ভৰাৰ অনুভব প্ৰদান কৰে ফলত ভোক লগাৰ অনুভব নহয়। সেয়েহে ফিটনেছ প্ৰেমীসকলৰ মাজত গ্ৰিক য়োগাৰ্ট বহুত জনপ্ৰিয়।
(ইয়াত দিয়া পৰামৰ্শসমূহ সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: চুলিৰ স্বাস্থ্যৰ বাবে দৈনিক খাওক এইবোৰ খাদ্য; চুলি সৰাও হ’ব হ্ৰাস