ছালৰ বাবে আশীৰ্বাদ আমলখি
দেহৰ বিভিন্ন ৰোগ-ব্যাধি নিৰাময় আৰু প্ৰতিৰোধত আমলখিত থকা ঔষধি গুণৰ মহিমা অধিক। পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়।
ইয়াত পোৱা এন্টিঅক্সিডেন্ট আৰু ভিটামিনে বহুতো স্বাস্থ্য উপকাৰীতা প্ৰদান কৰে।ইয়াত থকা ভিটামিন চিৰ অধিক ঘনত্বই শৰীৰক ৰোগৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰে। আমলখিত কেইবাটাও ফ্লেভন’ইড, স্মৃতিশক্তি বৃদ্ধিৰ দৰে উপকাৰিতাৰ সৈতে জড়িত ৰাসায়নিক পদাৰ্থও থাকে।
ই ছালৰ বাবে অতি উপকাৰী। ই ছালৰ টেক্সচাৰ উন্নত কৰাত সহায় কৰিব পাৰে, ছালৰ ৰং উজ্জ্বল কৰিব পাৰে, আৰু বয়স বৃদ্ধিৰ লক্ষণসমূহৰ বিৰুদ্ধে যুঁজিব পাৰে।
আমলখিত থকা দ্ৰৱণীয় ফাইবাৰ শৰীৰত সোনকালে দ্ৰৱীভূত হয় যাৰ বাবে আপোনাৰ শৰীৰত চেনি শোষণৰ গতি লেহেমীয়া হয়। ব্লাড চুগাৰৰ মাত্ৰাৰ উঠা-নমা হ্ৰাস কৰাত আমলখিয়ে সহায় কৰিব পাৰে।
আমলখিত থকা ফাইবাৰে হজম শক্তিক সুস্থ কৰি ৰাখে যাৰ বাবে বদহজম, গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা শৰীৰত কমি যায় আৰু শৌচ-প্ৰস্ৰাৱৰ সমস্যাও থিক হয়।
ই ইৰিটেবল বাৱেল চিণ্ড্ৰমৰ দৰে ৰোগৰ পৰাও সকাহ দিয়াত সহায় কৰিব পাৰে।আমলাত থকা ভিটামিন চিৰ অধিক পৰিমাণে আপোনাৰ শৰীৰে অন্যান্য পুষ্টিকৰ উপাদান শোষণ কৰাত সহায় কৰে।
(ইয়াত দিয়া পৰামৰ্শসমূহ সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক)
লগতে পঢ়ক: হ্ৰাস কৰিব বিচাৰিছে নেকি ওজন? এনেদৰে খালে নোহোৱা হ’ব ৫০০% কেলৰি