The Royals চিৰিজ চাই অগ্নিশৰ্মা বৰোদাৰ ৰাণী
কিছুদিনৰ পূৰ্বে নেটফ্লিক্সত মুক্তি দিয়া হৈছিল ঈশান খট্টৰ আৰু ভূমি পেডনেকাৰৰ ৱেব চিৰিজ ‘দ্য ৰয়েলছ’। অৱশ্যে বেছিভাগ মানুহেই এই ধাৰাবাহিকখন ভাল নাপালে, কিন্তু ইয়াৰ পিছতো এতিয়া নিৰ্মাতাসকলে ইয়াৰ দ্বিতীয় খণ্ড নিৰ্মাণ কৰিবলৈ ওলাইছে।
শেহতীয়াকৈ তেওঁলোকে এই কথা ঘোষণা কৰিছে।ইফালে বৰোদাৰ ৰাণী ৰাধিকাৰজে গায়েকৱাদে ‘দ্য ৰয়েলছ’ ছিৰিজক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।
শেহতীয়াকৈ বৰোদাৰ ৰাণী ৰাধিকৰাজে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা দীঘলীয়া পোষ্ট লিখি কয় যে ভাৰতৰ ৰাজ পৰিয়ালক লৈ চিৰিজখনত ভুলকৈ দেখুওৱা হৈছে।
তেওঁ কয় যে আজিও বহু ৰাজ পৰিয়ালে ভাৰতৰ সংস্কৃতি আৰু সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাধিকাৰজে এই টোকাটো ‘দ্য ৰয়েল ইগন’ৰ’ নামেৰে শ্বেয়াৰ কৰি লিখিছে যে ৰজা আৰু ৰাজকীয় পৰিয়াল কেৱল ৰাজকীয় আড়ম্বৰ আৰু ভৱিষ্যৎত সীমাবদ্ধ নহয়।
ৰাধিকাৰজে কয় যে ‘ভাৰতৰ বিশেষত্ব হ’ল ইয়াৰ ৰজাসকলে কোনো ৰক্তাক্ত সংঘাত নোহোৱাকৈ যুগ যুগ ধৰি শাসন কৰি থাকিল।স্বাধীনতাৰ সময়ত তেওঁলোকে শান্তি আৰু মৰ্যাদাৰে নিজৰ শাসন ত্যাগ কৰিছিল’।
‘কিন্তু এতিয়া চিনেমা আৰু ধাৰাবাহিকবোৰে এইবোৰ কথা আওকাণ কৰি কেৱল গ্লেমাৰ আৰু নেতিবাচকতাহে দেখুৱাইছে’।
শেষত তেওঁ ঈশান খাটাৰৰ চৰিত্ৰত ইতিকিং কৰি কয় যে, ‘আজিৰ যুৱ ৰজাৰ সদস্যসকলে ভালদৰে পঢ়া-শুনা কৰি নিজৰ শিপালৈ ঘূৰি আহিছে’।
তেওঁ কয় যে, ‘তেওঁলোকে নিজৰ মাতৃভাষা কয়, নিজৰ সংস্কৃতি অনুসৰণ কৰে আৰু লগতে ৰাজপ্ৰসাদবোৰকো জীয়াই ৰাখে’।
‘তেওঁলোকৰ উদ্দেশ্য আজিৰ সময়ৰ লগত সংযোগ কৰি নিজৰ ঐতিহ্যক জীয়াই ৰখা।তেওঁ স্পষ্টকৈ ক’লে যে যদি ৰাজ পৰিয়ালে নিজৰ কাহিনী নকয়, তেন্তে আন কোনেও নকৰে’।
উল্লেখ্য যে প্ৰিয়ংকা ঘোষ আৰু নুপুৰ আস্থানৰ যৌথ পৰিচালনাৰে নেটফ্লিক্সত যোৱা ৯ মে’ত এই ধাৰাবাহিকখন মুক্তি পাইছিল।ইয়াত ভূমি পেডনেকাৰৰ উপৰিও ঈশান খট্টৰ, সাক্ষী তনৱাৰ, জিনাত আমন আদিকো দেখিবলৈ পোৱা গৈছে।
লগতে পঢ়ক: হাৰ্ডিক পাণ্ডিয়া আৰু শুভমান গীলৰ মাজত হৈছে নেকি সংঘাত ? টছৰ সময়ত নিমিলালে হাত