সলনি কৰা হ’ব ‘ঘূছখোৰ পণ্ডিত’ৰ নাম; ব্ৰাহ্মণ সমাজৰ প্ৰতিবাদৰ পিছতেই সিদ্ধান্ত গ্ৰহণ

নেটফ্লিক্সত মুক্তি পাবলগীয়া ‘ঘূছখোৰ পণ্ডিত’ ৰ শীঘ্ৰেই সলনি হ’ব নাম। ‘ঘূছখোৰ পণ্ডিত’ ৰ নামটোৱে ব্ৰাহ্মণ সমাজক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল।

নেটফ্লিক্সত মুক্তি পাবলগীয়া মনোজ বাজপেয়ী অভিনীত ছবি ‘ঘূছখোৰ পণ্ডিত’ক লৈ কেইবাদিনো ধৰি বিতৰ্কৰ সৃষ্টি হৈছে।দিল্লী উচ্চ ন্যায়ালয়ে ইয়াৰ মুক্তি আৰু ষ্ট্ৰীমিংৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদনৰ শুনানি গ্ৰহণ কৰে।

ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক উপাধি সন্দৰ্ভত নেটফ্লিক্স ছবিখনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত অধিবক্তা বিনীত জিন্দালে এই আৱেদন দাখিল কৰিছিল।

আৱেদনখনত চিনেমাখনৰ শিৰোনামটোৱে ব্ৰাহ্মণ সমাজৰ স্বাভিমান আৰু প্ৰতিপত্তিক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

দিল্লী উচ্চ ন্যায়ালয়ত নেটফ্লিক্সে কয় যে ছবিখনৰ নিৰ্মাতাসকলে ‘ঘূছখোৰ পণ্ডিত’ ছবিখনৰ নাম সলনি কৰিবলৈ ওলাইছে।

নেটফ্লিক্সৰ অধিবক্তাই কয় যে ইতিমধ্যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা সকলো প্ৰচাৰৰ ভিডিঅ’ আঁতৰাই পেলোৱা হৈছে।

ইয়াৰ সমান্তৰালকৈ আদালতে নেটফ্লিক্সৰ আগন্তুক ছবি ‘ঘূছখোৰ পণ্ডিত’ৰ মুক্তি আৰু ষ্ট্ৰীমিংত স্থগিতাদেশ বিচৰা আবেদনখন নিষ্পত্তি কৰা হৈছে।

আবেদনকাৰীয়ে অভিযোগ কৰে যে ছবিখনৰ শিৰোনাম আৰু প্ৰস্তাৱিত বিষয়বস্তু মানহানিকাৰক আৰু সাম্প্ৰদায়িকভাৱে আপত্তিজনক।

কিছুদিন পূৰ্বে চলচ্চিত্ৰ সংগঠনসমূহে নিয়ম উলংঘাৰ অভিযোগ উত্থাপন কৰিছিল। ফিল্ম মেকাৰ কম্বাইনে ছবিখনৰ নামক লৈ আপত্তি জনাই নীৰজ পাণ্ডে আৰু নেটফ্লিক্সলৈ আনুষ্ঠানিক জাননী প্ৰেৰণ কৰিছিল।

সংস্থাটোৱে দাবী কৰে যে প্ৰতিষ্ঠিত উদ্যোগৰ নিয়ম অনুসৰি নিৰ্মাতাসকলে এই উপাধিৰ বাবে কোনো অনুমোদন লাভ কৰা নাছিল।

লগতে পঢ়ত: ৰামায়ণৰ পৰা বাহিৰ হ’ল বিক্ৰান্ত মেছি! অভিনেতাজনে নিজেই ক’লে সমগ্ৰ সত্য

The Royals চিৰিজ চাই অগ্নিশৰ্মা বৰোদাৰ ৰাণী; ইশ্বান খটাৰক দিলে ধমকি

The Royals চিৰিজ চাই অগ্নিশৰ্মা বৰোদাৰ ৰাণী

কিছুদিনৰ পূৰ্বে নেটফ্লিক্সত মুক্তি দিয়া হৈছিল ঈশান খট্টৰ আৰু ভূমি পেডনেকাৰৰ ৱেব চিৰিজ ‘দ্য ৰয়েলছ’। অৱশ্যে বেছিভাগ মানুহেই এই ধাৰাবাহিকখন ভাল নাপালে, কিন্তু ইয়াৰ পিছতো এতিয়া নিৰ্মাতাসকলে ইয়াৰ দ্বিতীয় খণ্ড নিৰ্মাণ কৰিবলৈ ওলাইছে।

শেহতীয়াকৈ তেওঁলোকে এই কথা ঘোষণা কৰিছে।ইফালে বৰোদাৰ ৰাণী ৰাধিকাৰজে গায়েকৱাদে ‘দ্য ৰয়েলছ’ ছিৰিজক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।

শেহতীয়াকৈ বৰোদাৰ ৰাণী ৰাধিকৰাজে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা দীঘলীয়া পোষ্ট লিখি কয় যে ভাৰতৰ ৰাজ পৰিয়ালক লৈ চিৰিজখনত ভুলকৈ দেখুওৱা হৈছে।

তেওঁ কয় যে আজিও বহু ৰাজ পৰিয়ালে ভাৰতৰ সংস্কৃতি আৰু সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাধিকাৰজে এই টোকাটো ‘দ্য ৰয়েল ইগন’ৰ’ নামেৰে শ্বেয়াৰ কৰি লিখিছে যে ৰজা আৰু ৰাজকীয় পৰিয়াল কেৱল ৰাজকীয় আড়ম্বৰ আৰু ভৱিষ্যৎত সীমাবদ্ধ নহয়।

ৰাধিকাৰজে কয় যে ‘ভাৰতৰ বিশেষত্ব হ’ল ইয়াৰ ৰজাসকলে কোনো ৰক্তাক্ত সংঘাত নোহোৱাকৈ যুগ যুগ ধৰি শাসন কৰি থাকিল।স্বাধীনতাৰ সময়ত তেওঁলোকে শান্তি আৰু মৰ্যাদাৰে নিজৰ শাসন ত্যাগ কৰিছিল’।

‘কিন্তু এতিয়া চিনেমা আৰু ধাৰাবাহিকবোৰে এইবোৰ কথা আওকাণ কৰি কেৱল গ্লেমাৰ আৰু নেতিবাচকতাহে দেখুৱাইছে’।

শেষত তেওঁ ঈশান খাটাৰৰ চৰিত্ৰত ইতিকিং কৰি কয় যে, ‘আজিৰ যুৱ ৰজাৰ সদস্যসকলে ভালদৰে পঢ়া-শুনা কৰি নিজৰ শিপালৈ ঘূৰি আহিছে’।

তেওঁ কয় যে, ‘তেওঁলোকে নিজৰ মাতৃভাষা কয়, নিজৰ সংস্কৃতি অনুসৰণ কৰে আৰু লগতে ৰাজপ্ৰসাদবোৰকো জীয়াই ৰাখে’।

‘তেওঁলোকৰ উদ্দেশ্য আজিৰ সময়ৰ লগত সংযোগ কৰি নিজৰ ঐতিহ্যক জীয়াই ৰখা।তেওঁ স্পষ্টকৈ ক’লে যে যদি ৰাজ পৰিয়ালে নিজৰ কাহিনী নকয়, তেন্তে আন কোনেও নকৰে’।

উল্লেখ্য যে প্ৰিয়ংকা ঘোষ আৰু নুপুৰ আস্থানৰ যৌথ পৰিচালনাৰে নেটফ্লিক্সত যোৱা ৯ মে’ত এই ধাৰাবাহিকখন মুক্তি পাইছিল।ইয়াত ভূমি পেডনেকাৰৰ উপৰিও ঈশান খট্টৰ, সাক্ষী তনৱাৰ, জিনাত আমন আদিকো দেখিবলৈ পোৱা গৈছে।

লগতে পঢ়ক: হাৰ্ডিক পাণ্ডিয়া আৰু শুভমান গীলৰ মাজত হৈছে নেকি সংঘাত ? টছৰ সময়ত নিমিলালে হাত