ৰামায়ণৰ পৰা বাহিৰ হ’ল বিক্ৰান্ত মেছি! অভিনেতাজনে নিজেই ক’লে সমগ্ৰ সত্য

ৰামায়ণৰ পৰা বাহিৰ হ’ল বিক্ৰান্ত মেছি! অভিনেতাজনে নিজেই ক’লে সমগ্ৰ সত্য

সামাজিক মাধ্যমত অভিনেতা বিক্ৰান্ত মেছিৰ ৰামায়ণ ছবিখনক লৈ বহু জল্পনা-কল্পনা চলি আছিল। কিন্তু বিক্ৰান্ত মেছিয়ে ছবিখনত অভিনয় কৰাক লৈ ডাঙৰ মন্তব্য কৰিছে। বৰ্তমান সময়ত বিক্ৰান্ত মেছি বলীউডৰ জনপ্ৰিয় অভিনেতা হিচাপে পৰিগণিত হৈছে। শেহতীয়াকৈ তেওঁ ৰামায়ণ ছবিখনত অভিনয় কৰাক লৈও শিৰোনাম দখল কৰিছিল। ছ’চিয়েল মিডিয়াৰ বহু

সামাজিক মাধ্যমত অভিনেতা বিক্ৰান্ত মেছিৰ ৰামায়ণ ছবিখনক লৈ বহু জল্পনা-কল্পনা চলি আছিল। কিন্তু বিক্ৰান্ত মেছিয়ে ছবিখনত অভিনয় কৰাক লৈ ডাঙৰ মন্তব্য কৰিছে।

বৰ্তমান সময়ত বিক্ৰান্ত মেছি বলীউডৰ জনপ্ৰিয় অভিনেতা হিচাপে পৰিগণিত হৈছে।  শেহতীয়াকৈ তেওঁ ৰামায়ণ ছবিখনত অভিনয় কৰাক লৈও শিৰোনাম দখল কৰিছিল।

ছ’চিয়েল মিডিয়াৰ বহু বাতৰিত দাবী কৰা হৈছিল যে এই বছৰ মুক্তি পাবলগীয়া ছবি ৰামায়ণত বিক্ৰান্তক দেখা যাব।কিন্তু এতিয়া কোৱা হৈছিল যে তেওঁক এই ছবিখনৰ পৰা আঁতৰাই দিয়া হৈছে।অৱশ্যে বিক্ৰান্ত মেছিয়ে নিজে এতিয়া এই খবৰ অস্বীকাৰ কৰি সম্পূৰ্ণ সত্য প্ৰকাশ কৰিছে।

অভিনেতা বিক্ৰান্ত মেছিয়ে সকলো জল্পনা-কল্পনাক উলাই কৰি পৰিস্থিতি স্পষ্ট কৰি দিছে।কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিতেশ তিৱাৰীৰ বহু প্ৰত্যাশিত ছবি ‘ৰামায়ণ’ত বিক্ৰান্ত মেছিৰ স্থানত ৰাঘৱ জুৱালক লোৱা বুলি দাবী কৰিছে।

ছ’চিয়েল মিডিয়াত এই জল্পনা-কল্পনাক লৈ এতিয়া বিক্ৰান্ত মেছিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই উৰাবাতৰিৰ অন্ত পেলায়।পোষ্টটোত মেছিয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ কেতিয়াও ছবিখনৰ অংশ নাছিল।  

এই বাতৰিবোৰক নাকচ কৰাৰ লগতে দলটোক শুভেচ্ছা জনাই অভিনেতাজনে লিখিছে,‘বাৰু, উৰাবাতৰিবোৰ স্তব্ধ কৰিবলৈ, মই কেতিয়াও নিতেশ তিৱাৰীৰ ৰামায়ণৰ অংশ নাছিলোঁ।

মোৰ খবৰ বিয়পাই থকা কেইবাটাও সংবাদ মাধ্যমে, প্ৰয়োজনীয় পটভূমি পৰীক্ষা কৰিব লাগিছিল।নিৰাশাজনক। তথাপিও ছবিখনৰ সৈতে জড়িত সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।বহুত মৰমৰ।

নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত দুটা খণ্ডৰ ছবি ৰামায়ণ।ছবিখনত ৰণবীৰ কাপুৰে ভগৱান ৰামৰ চৰিত্ৰত, যশে ৰাৱণৰ চৰিত্ৰত, সাই পল্লৱীয়ে সীতাৰ চৰিত্ৰত, ছানী দেওলে ভগৱান হনুমানৰ চৰিত্ৰত আৰু ৰবি ডুবেয়ে লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছে।

লগতে পঢ়ক: ৱেব ছিৰিজ ‘ঘোছখোৰ পণ্ডিত’ক লৈ উত্তৰ প্ৰদেশত বিতৰ্ক ; এফআইআৰ ৰুজু