পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত ধাৰাবাহিকভাৱে একচন মোডত আছে।পাকিস্তানক উপযুক্ত শিক্ষা দিয়াৰ পিছত এতিয়া পাকিস্তানক সমৰ্থন কৰা দেশসমূহ চৰকাৰৰ লক্ষ্যত আছে।
ইয়াৰ ভিতৰত আছে তুৰস্ক আৰু আজাৰবাইজান, আৰু একে সময়তে চীনৰ সৈতে গভীৰ বন্ধুত্ব থকা বাংলাদেশো ভাৰতৰ লক্ষ্যত আছে।
দৰাচলতে মহম্মদ ইউনুছে শেহতীয়াকৈ চীনত ভাৰতক লৈ বিতৰ্কিত মন্তব্য কৰিছিল আৰু এতিয়া তাৰ বাবে তেওঁ ডাঙৰ মূল্য দিবলৈ ওলাইছে।
ভাৰতৰ এটা পদক্ষেপৰ পিছতে এতিয়া বাংলাদেশৰ ৭৭০ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৬৫৮১ কোটি টকাৰ লোকচান হ’বলৈ গৈ আছে।
ভাৰতে বাংলাদেশৰ পৰা অহা বহু সামগ্ৰীৰ বাবে ভাৰতীয় স্থল বন্দৰ নিষিদ্ধ কৰিছে। ভাৰতৰ তৰফৰ পৰা ৯ এপ্ৰিলত ২০২০ ত দিয়া ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা সমূহ প্ৰত্যাহাৰ কৰাৰ পিছতে ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিছিল।
যিয়ে বাংলাদেশক ভাৰতীয় বন্দৰ আনকি দিল্লী বিমানবন্দৰৰ জৰিয়তে মধ্যপ্ৰাচ্যলৈ আৰু ইউৰোপলৈ ৰপ্তানি কৰিবলৈ অনুমতি দিয়া হৈছিল।
যোৱা ১৭ মে’ শনিবাৰে বাংলাদেশৰ পৰা আমদানি কৰা বহু ধৰণৰ সামগ্ৰী এই বন্দৰসমূহত নিষিদ্ধ কৰা হৈছে, য’ত ৰেডিমেড কাপোৰ আৰু প্ৰচেছড খাদ্য সামগ্ৰী আৰু অন্যান্য সামগ্ৰী অন্তৰ্ভুক্ত।স্থলপথ বন্ধৰ ফলত এতিয়া হাহাকাৰ হৈ পৰিছে বাংলাদেশ।