বাংলাদেশ সেনাৰ স্পষ্টীকৰণ
বাংলাদেশ সেনাই সংবাদমেলযোগে সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামান আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ মাজত মতানৈক্যৰ খবৰ নাকচ কৰি কয় যে প্ৰতিটো পদক্ষেপতে সেনা চৰকাৰৰ সৈতে একত্ৰিত হৈ আছে । চৰকাৰ আৰু সেনাৰ মাজত সমন্বয় আছে । গণতান্ত্ৰিক ব্যৱস্থাত সেনাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে । চৰকাৰৰ লগত কোনো মতানৈক্য নাই, সকলো ফ্ৰণ্টতে একেলগে কাম কৰি আছে ।
সেনা মুখ্য কাৰ্যালয়ত সংবাদমেল-
সোমবাৰে সেনা মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰা হয় । সংবাদমেলত ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ নাজিম-উদ-দৌলাই কয় যে সেনা আৰু চৰকাৰে একেলগে কাম কৰি আছে । দুয়ো ইজনে সিজনৰ পৰিপূৰক হিচাপে কাম কৰি আছে । দেশৰ সাৰ্বভৌমত্ব দুয়োটাৰে দায়িত্ব । দুয়ো একেলগে দেশক আগুৱাই নিব লাগিব ।
সংবাদ মাধ্যমত চলি থকা জল্পনা-কল্পনা খাৰিজ-
ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদে ৱাকাৰ আৰু ইউনুছৰ মাজত থকা মতানৈক্যৰ বিষয়ে সংবাদ মাধ্যমত কৰা দাবী নাকচ কৰে । চৰকাৰ আৰু সেনাৰ মাজত কোনো সংঘাত চলি থকা নাই বুলিও তেওঁ কয় । দুয়োজনে একেলগে দেশৰ প্ৰগতিৰ বাবে কাম কৰি আছে । দুয়োৰে মাজত বিবাদ হৈছে বুলি ক’লে ভুল হ’ব ৷ কেতিয়াবা যদি কোনো সংঘাত বা মত বিৰোধ বা মতানৈক্য হয়, তেন্তে সেয়া পৰিয়ালৰ দৰে সমাধান কৰা হয় বুলি কয় তেওঁ ।
লগতে পঢ়ক : ‘আমেৰিকাৰ ওচৰত বাংলাদেশ বিক্ৰী কৰিছে ইউনুছে’… গুৰুতৰ অভিযোগ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ