বিৰাট কোহলীৰ বাবে বামিকাই লিখিলে চিঠি
আজি পিতৃ দিৱস আৰু সমগ্ৰ ছচিয়েল মিডিয়া পিতৃ দিৱসৰ পোষ্টেৰে ভৰি পৰিছে।বলীউডৰ চেলিব্ৰিটিসকলেও এই বিশেষ দিনটোত নিজৰ নায়ক অৰ্থাৎ পিতৃৰ বাবে মৰমলগা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু তেওঁলোকৰ প্ৰতি মৰম প্ৰকাশ কৰিলে।
তাৰকা সকলে নিজৰ নিজৰ পিতৃৰ ফটো শ্বেয়াৰ কৰি তেওঁলোকৰ স্মৃতি মনত পেলাইছে। অনুষ্কা শৰ্মাইও তেওঁৰ পিতৃ কৰ্ণেল অজয় কুমাৰ শৰ্মা আৰু স্বামী বিৰাট কোহলীৰ নামত এটা হৃদয়স্পৰ্শী পোষ্ট শ্বেয়াৰ কৰিছে।
বিৰাট কোহলী বামিকা আৰু অকায়ৰ পিতৃ। অনুষ্কাই বামিকাৰ বাৰ্থডে পাৰ্টিৰ সময়ত দেউতাকৰ এখন সুখী ফটো শ্বেয়াৰ কৰিছে।আনহাতে আন এখন ফটোত বিৰাটৰ নামত লিখা ৪ বছৰীয়া বামিকাৰ এটা টোকা শ্বেয়াৰ কৰা হৈছে।
অনুষ্কা শৰ্মাৰ পিতৃ দিৱসৰ পোষ্ট
অনুষ্কা শৰ্মাই নিজৰ ইনষ্টাগ্ৰামত দুখন ছবি পোষ্ট কৰিছে। প্ৰথমখন ফটোত তেওঁৰ পিতৃ কৰ্ণেল অজয় কুমাৰ শৰ্মা, বামিকাৰ জন্মদিনৰ পাৰ্টিত তেওঁক আনন্দৰে পোজ দিয়া দেখা গৈছে।
পৰৱৰ্তী ছবিখনত এখন পিতৃ দিৱসৰ শুভেচ্ছা কাৰ্ড, যিখনত বিৰাটৰ বাবে হাতেৰে লিখা এটা হৃদয়স্পৰ্শী টোকা আছে। তাৰ ওপৰত তেওঁলোকৰ জীয়ৰী বামিকাৰ নাম লিখা আছে।

পোষ্টো শ্বেয়াৰ কৰি অনুষ্কাই লিখিছে যে,“মই ভালপোৱা প্ৰথমজন মানুহ আৰু আমাৰ ছোৱালীজনীয়ে কৰা প্ৰথমজন মানুহ…সকলো ধুনীয়া পিতৃলৈ পিতৃ দিৱসৰ শুভেচ্ছা থাকিল।”
বামিকাই পিতৃ বিৰাটৰ বাবে লিখিলে চিঠি
অনুষ্কাই শ্বেয়াৰ কৰা চিঠিখনত ওপৰত বেলেগ এটা হাতৰ আখৰ আৰু তলত বেঁকা আখৰেৰে বামিকাৰ নাম লিখা আছে, যাৰ পৰা অনুমান কৰিব পাৰি যে অনুষ্কাই বামিকাৰ অনুৰোধত বামিকাৰ পিতৃ বিৰাটৰ বাবে এই চিঠিখন লিখিছে।

কাৰ্ডখনত লিখা আছিল,“ তেওঁ দেখাত মোৰ ভাইটিৰ দৰে, তেওঁ বহুত ভাল, তেওঁ মোক মৰম কৰে, ময়ো তেওঁক বহুত ভালপাওঁ ইমান ,বামিকা”।
অনুষ্কা শৰ্মাই এই পোষ্ট সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে। বহু অনুৰাগীয়ে এই পোষ্টটোত মৰম দিছে।
লগতে পঢ়ক: DNA পৰীক্ষাত কৰা হৈছে চিনাক্ত; আত্মীয়ক গতালে ২৭ টা মৃতদেহ