আগ্নেয়গিৰি বিস্ফোৰণ
পূব ইণ্ডোনেছিয়াত এক শক্তিশালী আগ্নেয়গিৰি বিস্ফোৰণৰ ফলত বুধবাৰে বালিলৈ এয়াৰ ইণ্ডিয়াৰ বিমানকে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰিবলগীয়া হয় । বহু বিমান ডাইভাৰ্ট কৰিবলগীয়া হয়, যাৰ ফলত যাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় । মঙলবাৰে সন্ধিয়া ইণ্ডোনেছিয়াৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট লেৱ’টবি লাকি লাকি বিস্ফোৰণ ঘটে । ইয়াৰ ফলত ছাইৰ বিশাল ডাৱৰ আকাশলৈ উৰি ১০,০০০ মিটাৰ (৩২,৮০০ ফুট)তকৈও অধিক উচ্চতালৈ উঠি যায় । প্ৰায় ১৫০ কিলোমিটাৰ দূৰৰ পৰা ইয়াক দেখা পোৱা গৈছিল ।
আগ্নেয়গিৰি বিস্ফোৰণৰ ফলত সাৱধানতা স্বৰূপে বালিৰ নগুৰাহ ৰাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কেইবাটাও বিমান সংস্থাই চলাচল বন্ধ কৰি দিয়ে । ভাৰ্জিন অষ্ট্ৰেলিয়া, জেটষ্টাৰ, এয়াৰ নিউজিলেণ্ড, ছিংগাপুৰৰ টাইগাৰ এয়াৰ, চীনৰ জুনেয়াও এয়াৰলাইন্স আৰু এয়াৰ ইণ্ডিয়াকে ধৰি কেইবাটাও বিমান সংস্থাই বিমান সেৱা বাতিল বা পথ সলনি কৰে ।
দিল্লীৰ পৰা বালিলৈ এয়াৰ ইণ্ডিয়াৰ বিমানখন মাজ আকাশতে ঘূৰি আহিবলৈ পৰামৰ্শ দিয়া হৈছিল । ইয়াৰ পিছতে বিমানখন নিৰাপদে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আই জি আই) বিমানবন্দৰত অৱতৰণ কৰে । বিমান সংস্থাটোৱে স্পষ্ট কৰি দিয়ে যে সকলো যাত্ৰীক নিৰাপদে নমাই দিয়া হৈছে । এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই কয়, ‘যাত্ৰীসকলৰ অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছো । ক্ষতিগ্ৰস্ত যাত্ৰীসকলক আমি হোটেলত থকাৰ ব্যৱস্থা কৰি আছো। ইচ্ছা কৰিলে টিকট বাতিল বা যাত্ৰা সলনি বা ধন ঘূৰাই দিয়াৰ বিকল্প বাছি ল’ব পাৰে ।’
ইয়াৰ পূৰ্বে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত নিৰাপত্তা পৰীক্ষা বৃদ্ধি, বিমান উপলব্ধ নোহোৱাকে ধৰি বিভিন্ন কাৰণত মঙলবাৰে এয়াৰ ইণ্ডিয়াই ৭খন আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰে । ইয়াৰে ছখন উভতি অহা বিমানো বাতিল কৰা হৈছে, যাৰ ফলত বাতিল হোৱা বিমানৰ সংখ্যা ১৩খনলৈ বৃদ্ধি পাইছে । এই সকলোবোৰ আছিল বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান ।
লগতে পঢ়ক : ইজৰাইল-ইৰাণ যুদ্ধৰ বাবে তেলৰ বজাৰত গভীৰ সংকট…