বিক্ৰী হোৱা নাই ভাৰত পাকিস্তান খেলৰ টিকট; ডুবাই ষ্টেডিয়ামৰ আধা আসন খালী

বিক্ৰী হোৱা নাই ভাৰত পাকিস্তান খেলৰ টিকট অহা ১৪ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত পাকিস্তানৰ মাজত খেলখন অনুষ্ঠিত হ’ব।সাধাৰণতে ভাৰত-পাকিস্তানৰ খেল থাকিলে তাৰ টিকট কেইমিনিটমানৰ ভিতৰতে বিক্ৰী হৈ যায়, কিন্তু এইবাৰ হোৱা নাই। এইবাৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনক লৈ দৰ্শকৰ মাজত বিশেষ উন্মাদনা নাই।এতিয়াও টিকট উপলব্ধ আছে আৰু মানুহে ক্ৰয় কৰা নাই৷ বৃহস্পতিবাৰ […]
৮০% ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ভিছা নিদিলে কানাডাই…আমেৰিকা, অষ্ট্ৰেলিয়াইও কৰিছে নাকচ!

৮০% ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ভিছা নিদিলে কানাডাই যোৱা কেইবছৰমানৰ পৰা অধ্যয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পছন্দ হৈ পৰিছে কানাডা।কিন্তু, শেহতীয়াকৈ তাত থকা চৰকাৰে ছাত্ৰ ভিছা লাভৰ প্ৰক্ৰিয়াত বহু বাধা সংযোজন কৰিছে,যাৰ ফলত ভাৰতীয় ছাত্ৰ-ছাত্ৰী বেছিকৈ প্ৰভাৱিত হৈছে। ইয়াক দশকটোৰ আটাইতকৈ ভিছা নিষিদ্ধ ব্যৱস্থা বুলি গণ্য কৰা হৈছে।ইমিগ্ৰেচন, শৰণাৰ্থী আৰু নাগৰিকত্ব কানাডা (আই আৰ চি চি)ৰ তথ্য […]
দিল্লী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; খালী কৰিলে চৌহদ

দিল্লী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ক ইমেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকিৰ খবৰ পোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।মেইলত কোনো নিৰ্দিষ্ট স্থানৰ কথা উল্লেখ কৰা হোৱা নাই,কিন্তু ইয়াত আদালতৰ চৌহদৰ কথা উল্লেখ কৰা হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি,কিছুসময়ৰ পূৰ্বে এই মেইলটো আহিছিল।ইয়াৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে সকলো ন্যায়াধীশক আদালতৰ বাহিৰলৈ পঠিওৱা হয় আৰু অধিবক্তা […]
“সুশীলা কাৰ্কীক যদি প্ৰধানমন্ত্ৰী বনোৱা নহয় তেন্তে গুলী খাবলৈ সাজু থাকক”; নেপালৰ ৰাষ্ট্ৰপতি তথা সেনা প্ৰধানক ধমকি

“সুশীলা কাৰ্কীক যদি প্ৰধানমন্ত্ৰী বনোৱা নহয় তেন্তে গুলী খাবলৈ সাজু থাকক” নেপালত ব্যাপক হিংসা আৰু প্ৰতিবাদৰ অন্তত অন্তৱৰ্তীকালীন চৰকাৰ গঠনক লৈ অচলাৱস্থা অৱস্থাত আছে।অৱশ্যে বৃহস্পতিবাৰে নিশা নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেল আৰু সেনা প্ৰধান অশোক ৰাজ ছিগডেলৰ মাজত হোৱা বৈঠকৰ পিছত প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ নামক লৈ এক ঐকমত্যত উপনীত হোৱাৰ খবৰ আহিছিল,কিন্তু ইফালে এতিয়া […]
চলন্ত ৰে’লৰ পৰা জপিয়ালে বলীউডৰ অভিনেত্ৰী কৰিশ্মা শৰ্মাই; গুৰুতৰভাৱে আহত

চলন্ত ৰে’লৰ পৰা জপিয়ালে বলীউডৰ অভিনেত্ৰী কৰিশ্মা শৰ্মাই ‘ৰাগিনী এম এম এছ ৰিটাৰ্নছ’ আৰু ‘প্যাৰ কা পঞ্চনামা’ৰ দৰে ছবিত অভিনয় কৰা অভিনেত্ৰী কৰিশ্মা শৰ্মাৰ লগত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাটোৰ বিষয়ে তেওঁ নিজেই ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে সকলোকে জনাইছে। অভিনেত্ৰীগৰাকীয়ে পোষ্টটোত কয় যে তেওঁ মুম্বাইৰ লকেল ৰে’লেৰে চাৰ্চগেটলৈ গৈছিল,কিন্তু ৰে’লখনত উঠাৰ লগে […]
আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব চি পি ৰাধাকৃষ্ণনে; ১৫২টা ভোটৰ ব্যৱধানত জয়লাভ

আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব চি পি ৰাধাকৃষ্ণনে দেশৰ নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চি পি ৰাধাকৃষ্ণনক ৰাতিপুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰাব। মঙলবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি ৰাধাকৃষ্ণনে জয়লাভ কৰে।মঙলবাৰে ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে […]
ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বোলছনাৰোক ২৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি…

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বোলছনাৰোক ২৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে জেইৰ বোলছনাৰোক ২০২২ চনৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত ক্ষমতাত থাকিবলৈ অভ্যুত্থানৰ চেষ্টা কৰাৰ বাবে দোষী সাব্যস্ত হয়। আদালতৰ পাঁচজন ন্যায়াধীশৰ ভিতৰত চাৰিজনে তেওঁক ৫টা অপৰাধত দোষী সাব্যস্ত কৰে আৰু ২৭ বছৰ ৩ মাহৰ কাৰাদণ্ড বিহা হয়। ব্ৰাজিলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যেতিয়া […]
ICC এ প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ; মহিলা বিশ্বকাপ ২০২৫ক লৈ ডাঙৰ সিদ্ধান্ত

ICC এ প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ মহিলা বিশ্বকাপ ২০২৫ আয়োজন ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে কৰিব আৰু ইয়াৰ বাবে ইতিমধ্যে সকলো দলৰ দল ঘোষণা কৰা হৈছে।ভাৰতীয় দলৰ কমাণ্ড হৰমনপ্ৰীত কৌৰৰ হাতত। এতিয়া ICC এ মহিলা বিশ্বকাপ ২০২৫ৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে, য’ত প্ৰথমবাৰৰ বাবে কেৱল মহিলা বিষয়াৰ হাতত দায়িত্ব অৰ্পণ কৰাৰ কথা […]
পঞ্জাৱৰ বানাক্ৰান্তক সহায়ৰ হাত শ্বাহৰুখ খানৰ: ১৫০০ বন্যাৰ্তৰ ল’লে দায়িত্ব

পঞ্জাৱৰ বানাক্ৰান্তক সহায়ৰ হাত শ্বাহৰুখ খানৰ এই সময়ত পঞ্জাৱে অতি কঠিন সময়ৰ মাজেৰে পাৰ হৈছে।বানপানীৰ বাবে ব্যাহত হৈছে মানুহৰ জীৱন।বানপানীয়ে বহু গাঁও ধ্বংস কৰিছে। তাৰ মাজতে বলীউডৰ বহু তাৰকাই পঞ্জাৱৰ বাবে সহায় কৰিছে। শ্বাহৰুখ খানেও এতিয়া পঞ্জাৱৰ অসহায় ৰাইজলৈ আগবঢ়াইছে সহায়ৰ হাত। কিং খানে তেওঁৰ পিতৃ মীৰ তাজ মহম্মদ খানৰ স্মৃতিত গঠিত মীৰ ফাউণ্ডেশ্যনে ১৫০০ […]
ছত্তীশগড়ত ১০ জন নক্সালবাদীক এনকাউন্টাৰ; ১ কোটি টকাৰ পুৰস্কাৰ থকা নক্সাল সেনাপতি বালকৃষ্ণক হত্যা

১ কোটি টকাৰ পুৰস্কাৰ থকা নক্সাল সেনাপতি বালকৃষ্ণক হত্যা ছত্তীশগড় জিলাৰ গৰিয়াবন্দত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ আহিছে।নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে ১০ জন নক্সালবাদী। নিহত নক্সালবাদীসকলৰ ভিতৰত আছে জ্যেষ্ঠ নক্সাল সেনাপতি মনোজ ওৰফে মডেম বালকৃষ্ণ। কোৱা হৈছে যে নক্সাল কমাণ্ডাৰ মনোজ ওৰফে মডেম বালকৃষ্ণৰ ওপৰত ১ কোটি টকাৰ পুৰস্কাৰ আছিল। ৰায়পুৰ অঞ্চলৰ […]