ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল ৰাজ্য; ৫.৯ প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ পৰিস্থিতি

ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল ৰাজ্য দেওবাৰে বিয়লি ৪ বাজি ৪১ মিনিটত ভূঁইকপৰ প্রৱল জোকাৰণিয়ে কঁপাই তুলিলে সমগ্ৰ ৰাজ্য। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্যৰ মতে ভূমিকম্পৰ প্ৰাবল্য ৫.৯ ৰিখটাৰ স্কেল। ভূমিকম্পৰ অভিকেন্দ্ৰ ওদালগুৰি বুলি প্ৰকাশ কৰিছে। এই ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হয়। অসমৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ কিছু […]
‘পাকিস্তানৰ সৈতে মেচখন আমাৰ মুখত চৰ…’; শুভম দ্বিবেদীৰ পত্নীৰ BCCI ক তীব্ৰ সমালোচনা

শুভম দ্বিবেদীৰ পত্নীৰ BCCI ক তীব্ৰ সমালোচনা এছিয়া কাপ ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব লগীয়া খেলখনক লৈ দেশৰ বিভিন্ন প্ৰান্তত বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই খেলখনে যেন পহলগাম আক্ৰমণত নিহত বহু ভুক্তভোগীৰ পৰিয়ালৰ যন্ত্ৰণা বৃদ্ধি কৰিছে।একে সময়তে দেশৰ বহু ঠাইৰ পৰা এই সন্দৰ্ভত প্ৰতিবাদৰ খবৰ আহিছে। দেওবাৰে (১৪ ছেপ্টেম্বৰ) নিশা ৮ বজাত ডুবাইত […]
চীনে প্ৰস্তুত কৰিলে বিশ্বৰ প্ৰথমটো ‘হাড়ৰ আঠা’; ২-৩ মিনিটৰ ভিতৰত ভঙা হাড় লাগিব জোৰা

চীনে প্ৰস্তুত কৰিলে বিশ্বৰ প্ৰথমটো ‘হাড়ৰ আঠা’ চীনৰ বিজ্ঞানীসকলে এক বৈপ্লৱিক আৱিষ্কাৰ কৰিছে। তেওঁলোকে বিশ্বৰ প্ৰথমটো ‘হাড়ৰ আঠা’ প্ৰস্তুত কৰিছে। যিয়ে ২-৩ মিনিটত ভঙা হাড়ৰ জোৰা লগাব। এই বিষয়বস্তুটো ঝিনুকৰ পৰা অনুপ্ৰাণিত হয়।ই সম্পূৰ্ণ জৈৱ-বিঘ্নিত, অৰ্থাৎ ৬ মাহৰ ভিতৰত শৰীৰত দ্ৰৱীভূত হয়।ইয়াৰ ফলত ধাতুৰ ইমপ্লাণ্টৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব। চীনা বিজ্ঞানীসকলে ‘ব’ন ০২’ নামৰ এটা জৈৱবস্তু […]
এই কেইটা খাদ্যই আপোনাক কৰিব ৰোগমুক্ত; ৰোগ প্ৰতিৰোধ ক্ষমতাও হ’ব শক্তিশালী

ৰোগ প্ৰতিৰোধ ক্ষমতা হ’ব শক্তিশালী আজিৰ দ্ৰুত গতিৰ জীৱন, মানসিক চাপ আৰু বেয়া খাদ্যাভ্যাসৰ বাবে বহু সময়ত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে,যাৰ বাবে সাধাৰণ কাহ, চৰ্দিৰ পৰা আৰম্ভ কৰি গুৰুতৰ ৰোগলৈকে সন্মুখীন হ’বলগীয়া হয়। আয়ুৰ্বেদ আৰু আধুনিক বিজ্ঞান দুয়োটাই এই কথাত গুৰুত্ব আৰোপ কৰে যে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো গুৰুত্বপূৰ্ণ, যাতে […]
‘মই আপোনাৰ লগত আছো…’;মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য ১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়ছোৱাত তেওঁ ৭১,৮৫০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মণিপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত কয় যে, “মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই আপোনালোকৰ লগত […]
‘ভাৰতীয় দল বিজয়ী হৈ উভতি আহিব…’; এছিয়া কাপক লৈ কপিল দেৱৰ ডাঙৰ মন্তব্য

এছিয়া কাপক লৈ কপিল দেৱৰ ডাঙৰ মন্তব্য এছিয়া কাপ ২০২৫ত সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে এক সুন্দৰ আৰম্ভণি কৰিছে।প্ৰথমখন খেলত টিম ইণ্ডিয়াই ইউ এ ইক ৯ উইকেটত পৰাস্ত কৰে। এতিয়া ভাৰতীয় দলটোৱে ১৪ ছেপ্টেম্বৰ দেওবাৰে দ্বিতীয়খন মেচত নিজৰ তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে খেলিব।পাকিস্তানৰ বিৰুদ্ধে খেলখনৰ পূর্বে ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক কপিল দেৱে এটা ডাঙৰ বক্তব্য […]
দিশা পাটনীৰ বাসগৃহৰ বাহিৰত গুলীচালনা; পিতৃৰ আৱেগিক মন্তব্য

দিশা পাটনীৰ বাসগৃহৰ বাহিৰত গুলীচালনা শুকুৰবাৰে নিশা বৰেলীত অভিনেত্ৰী দিশা পাটনীৰ ঘৰৰ বাহিৰত দুৰ্বৃত্তই গুলীচালনা কৰে।গোল্ডি ব্ৰাৰ আৰু ৰোহিত গোদাৰাই ইয়াৰ দায়িত্ব লৈছে। ঘৰটোত দিশা পাটানিৰ পিতৃ অৱসৰপ্ৰাপ্ত ডেপুটি এছ পি জগদীশ পাটানী থাকে।গুলীচালনাৰ পিছত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়।এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত চি অ’ জগদীশ পাটনীয়ে। দিশা পাটনীৰ জগদীশ […]
নেপালত উদয় নতুন সূৰ্য্য!পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত কাঠমাণ্ডুত প্ৰত্যাহাৰ কাৰ্ফিউ

কাঠমাণ্ডুত প্ৰত্যাহাৰ কাৰ্ফিউ হিংসা, উপদ্ৰব আৰু অগ্নিসংযোগৰ পিছত এতিয়া নেপালত শান্তি ঘূৰি আহিছে।ৰাজধানী কাঠমাণ্ডুত সেনাই জাৰি কৰা কাৰ্ফিউ আৰু সান্ধ্য আইন আজি পুৱা ৫ বজাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা বাহিনীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।অৱশ্যে ৰাজপথত সেনাৰ উপস্থিতি আৰু কিছুদিন থাকিব বুলি আশা কৰা হৈছে। নেপালত অন্তৱৰ্তীকালীন […]
হিংসাত্মক পৰিস্থিতিৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণ…

হিংসাত্মক পৰিস্থিতিৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত দুবছৰীয়া জাতিগত হিংসাৰ অন্তত আজি প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ মণিপুৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মণিপুৰৰ শান্তি আৰু উন্নয়নৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। প্ৰধানমন্ত্ৰীয়ে মিজোৰামৰ আইজলৰ পৰা চুৰাচান্দপুৰত উপস্থিত হ’ব আৰু তাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন […]
নেপালৰ প্ৰথম মহিলাগৰাকী প্ৰধানমন্ত্ৰী হিচাপে শপত ললে সুশীলা কাৰ্কীয়ে…

নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ সুশীলা কাৰ্কীৰ নেপালৰ ক্ষমতাক লৈ চলি থকা ছাচপেন্স ইতিমধ্যে শেষ হৈছে।নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে সুশীলা কাৰ্কীয়ে। কাৰ্কীৰ পূৰ্বে কে পি শৰ্মা অলি প্ৰধানমন্ত্ৰী আছিল যিয়ে হঠাতে পদত্যাগ কৰিছিল, তাৰ পিছত এতিয়া সুশীলা কাৰ্কীক প্ৰধানমন্ত্ৰীৰ পদ দিয়া হৈছিল। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে সুশীলাক শপত […]