আমেৰিকাত বানৰ বিধ্বংসী ৰূপ
দেওবাৰে আমেৰিকাৰ দক্ষিণ-পূব উপকূলৰ কাষ চাপি অহাৰ লগে লগে ক্ৰান্তীয় ধুমুহা চান্টালে কিছু শক্তি লাভ কৰাৰ ফলত দক্ষিণ কেৰ’লিনা আৰু উত্তৰ কেৰ’লিনাৰ কিছু অংশৰ বাবে সতৰ্কবাণী প্ৰকাশ পাইছে । ধুমুহাই প্ৰচণ্ড বৰষুণ কঢ়িয়াই অনাৰ লগতে স্থলভাগৰ কাষ চাপি অহাৰ লগে লগে বানৰ আশংকা প্ৰকাশ কৰা হৈছে ।
মিয়ামিৰ নেশ্যনেল হাৰিকেন চেণ্টাৰৰ তথ্য অনুসৰি হাৰিকেন চান্টালৰ সৈতে জড়িত ধাৰাসাৰ বৰষুণ ইতিমধ্যে উপকূলৰ ফালে গতি কৰিবলৈ আৰম্ভ কৰিছে । বিষয়াসকলে সকীয়াই দিছে যে ক্ষন্তেকীয়া বানপানীৰ সম্ভাৱনা বৃদ্ধি পাইছে । অহা কেইঘণ্টামানৰ ভিতৰত এই ব্যৱস্থাটোৱে দক্ষিণ কেৰ’লিনাত স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে আৰু উপকূলৰ কাষেৰে গতি কৰাৰ লগে লগে ই দ্ৰুতগতিত দুৰ্বল হোৱাৰ সম্ভাৱনা আছে । সোমবাৰৰ ভিতৰত উত্তৰ কেৰ’লিনাৰ কিছু অংশত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে । মুঠ বৰষুণ ৫ৰ পৰা ১০ চেণ্টিমিটাৰ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত বানপানীৰ আশংকা বৃদ্ধি পাইছে ।
শুকুৰবাৰে পুৱা আমেৰিকাৰ টেক্সাছত হঠাতে অহা বানত কমেও ৫১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ‘গ্ৰীষ্মকালীন শিবিৰ’ত অংশগ্ৰহণ কৰা ২৭ গৰাকী কিশোৰী এতিয়াও সন্ধানহীন হৈ আছে । কেৰ কাউন্টিত বানপানীৰ ফলত ১৫টি শিশুকে ধৰি কমেও ৪৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে আশে-পাশে থকা অঞ্চলত বহু লোকৰ মৃত্যু হয় । ৪৫ মিনিটত গুৱাডালুপ নদীৰ জলপৃষ্ঠ ২৬ ফুট বৃদ্ধি পায়, গছ-গছনি উভালি পৰে, যান-বাহন বাঢনী পানীয়ে বুৰাই পেলাই আৰু বহু অট্টালিকাৰ ক্ষতিসাধন হয় ।
লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তাৰ খুঁত; ৰাষ্ট্ৰপতিৰ গলফ খেলপথাৰৰ ওপৰত অসামৰিক বিমানক বাধা