হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা
অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ । ৰাজ্যবাসীৰ আপোন শিল্পী, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।
মুখ্য সচিব ৰবি কোটাই এক্সত এটা পোষ্টত এই ঘোষণা কৰে । তেওঁ কয় যে, অসম চৰকাৰে প্ৰখ্যাত গায়ক, চলচ্চিত্ৰ নিৰ্মাতা, সাংসক্ৃতিক জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । লগতে তেওঁ কয় য়ে, ২০ তাৰিখৰ পৰা ২২ ছেপ্টেম্বৰলৈকে ঘোষণা কৰা হৈছে ৰাজ্যিক শোক ঘোষণা কৰা হৈছে । এই সময়ছোৱাত কোনো আনুষ্ঠানিক মনোৰঞ্জন, নৈশ আহাৰ বা আনুষ্ঠানিক কাৰ্যসূচী নহ’ব ৷
🕯️ In loving memory of Assam’s eternal voice, Zubeen Garg
— Chief Minister Assam (@CMOfficeAssam) September 20, 2025
As a mark of respect, HCM Dr @himantabiswa has directed that State Mourning be declared from 20th to 22nd September 2025.
During this period, all official entertainment, ceremonial programs and public celebrations…
ৰবি কোটাই কয় যে ‘সেৱা সপ্তাহ’ কাৰ্যসূচীসমূহকো তেওঁৰ সন্মানাৰ্থে পিছুৱাই দিয়া হ’ব । তেওঁ কয় যে, “অৱশ্যে, স্বাস্থ্য শিবিৰ, টিবি ৰোগীৰ বাবে নিক্ষয় মিত্ৰ সমৰ্থন আৰু গছ ৰোপণ আদি সেৱামুখী কাৰ্য্যকলাপ অব্যাহত থাকিব। ”
লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ….