ঘোষণা হ’ল অসম বিজেপিৰ নতুন তালিকা
২০২৬ ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া সাজু হৈ উঠিছে অসম বিজেপি । জিলা কমিটিৰ লগতে ৰাজ্যিক কমিটিত সাল-সলনিৰে এতিয়া নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে । বৃহস্পতিবাৰে ঘোষণা হ’ল অসম বিজেপিৰ নতুন তালিকা । দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অনুমোদন মৰ্মে ঘোষমা কৰা হৈছে অসম প্ৰদেশ বিজেপিৰ নতুন তালিকা । ১০ গৰাকীক উপ-সভাপতি, ৪ গৰাকীক সাধাৰণ সম্পাদক আৰু ১০ গৰাকীক প্ৰদান কৰা হৈছে সম্পাদকৰ দায়িত্ব । লগতে কোষাধ্যক্ষ, যুটীয়া কোষাধ্যক্ষ, কাৰ্যালয় সম্পাদককে ধৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ স্বাক্ষৰ সম্বলিত এই তালিকা কিছু সময় পূৰ্বে প্ৰকাশ কৰা হৈছে ।
উপ-সভাপতিৰ দায়িত্ব দিয়া হৈছে-
-পুলক গোহাঁই, তিনিচুকীয়া
-পৰিমল শুক্লবৈদ্য, কাছাৰ
-তপন কুমাৰ গগৈ, চৰাইদেউ
-ৰেখাৰাণা দাস বড়ো, বাক্সা
-অপৰাজিতা ভূঞা, শিৱসাগৰ
-মুন স্বৰ্ণকাৰ, হাইলাকান্দি
-অশোক ভট্টৰায়, বিশ্বনাথ
-ড০ জুৰি শৰ্মা বৰদলৈ, গুৱাহাটী
-মনোজ বৰুৱা, বজালী
-ৰত্না সিং, গুৱাহাটী

ইফালে দিপ্লু ৰঞ্জন শৰ্মা (কলিয়াৰ), পল্লৱ লোচন দাস (বিশ্বনাথ), ঋতুপৰ্ণ বৰুৱা (ডিব্ৰুগড়) আৰু অনুপ বৰ্মন (নলবাৰী)ক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে ।
আনহাতে ১০ গৰাকী বিজেপি নেতাক দিয়া হৈছে সম্পাদকৰ দায়িত্ব-
-লক্ষ্য কোঁৱৰ, তিনিচুকীয়া
-লক্ষীনাথ তাচা, চৰাইদেউ
-বিস্মিতা গগৈ, গোলাঘাট
-মনালিচা কোঁচ, বঙাইগাঁও
-অভিজিত কুমাৰ নাথ, নগাঁও
-ৰাতুল শৰ্মা, উত্তৰ কামৰূপ
-মহেশ দেউৰী, লখিমপুৰ
-সিদ্ধাংকু অংকুৰ বৰুৱা, যোৰহাট
-নবাৰুণ বুঢ়াগোহাঁই, নগাঁও
-বিতুপন দলে, মাজুলী
ইফালে ৰাজকুমাৰ শৰ্মা (গুৱাহাটী)ক কোষাধ্যক্ষ, নাৰায়ন ডেকা (নলবাৰী)ক যুটীয়া কোষাধ্যক্ষ, সুশান্ত বিশ্বাস (গুৱাহাটী)ক কাৰ্যালয় সম্পাদক, বিশ্বজিত খাউণ্ড (মাজুলী)ক চচিয়েল মিডিয়া তত্বাৱধায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে । লগতে ডাঃ মৃগাংক তালুকদাৰ (নলবাৰী)ক আই টি তত্বাৱধায়ক, কিশোৰ উপাধ্যায় (শোণিতপুৰ)ক মুখ্য মুখপাত্ৰ, ৰূপম গোস্বামী(গুৱাহাটী)ক মিডিয়া আহ্বায়ক আৰু অনিৰ্বান গোস্বামী (নগাঁও)ক কাৰ্যালয় তত্বাৱধায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ; একেলগে ৪০ হাজাৰক দিয়া হ’ব নিযুক্তি