এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বাৎসালা আৰু নাই
মঙলবাৰে মধ্যপ্ৰদেশৰ পান্না ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মৃত্যু হয় এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী ‘বাৎসালা’ৰ । ১০০ বছৰতকৈয়ো অধিক বয়সত মৃত্যু হয় হাতীজনীৰ । বাৎসালাক কেৰালাৰ পৰা নৰ্মদাপুৰমলৈ অনা হৈছিল । পৰৱৰ্তী সময়ত হাতীজনীক পান্না টাইগাৰ ৰিজাৰ্ভলৈ স্থানান্তৰ কৰা হয় ।
এটা বিবৃতিত কোৱা হৈছে যে বাৎসালাক এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বুলি গণ্য কৰা হৈছিল । পান্না টাইগাৰ ৰিজাৰ্ভৰ বিষয়া আৰু কৰ্মচাৰীয়ে হাতীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে । বহু বছৰ ধৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল হাতীজনী । আটাইতকৈ বয়সীয়াল হোৱাৰ বাবে হাতীজনীয়ে সংৰক্ষিত বনাঞ্চলৰ হাতীৰ দলটোক নেতৃত্ব দিছিল ।
'वत्सला' का सौ वर्षों का साथ आज विराम पर पहुंचा। पन्ना टाइगर रिज़र्व में आज दोपहर 'वत्सला' ने अंतिम सांस ली।
— Dr Mohan Yadav (@DrMohanYadav51) July 8, 2025
वह मात्र हथिनी नहीं थी, हमारे जंगलों की मूक संरक्षक, पीढ़ियों की सखी और मप्र की संवेदनाओं की प्रतीक थीं।
टाइगर रिज़र्व की यह प्रिय सदस्य अपनी आंखों में अनुभवों का सागर… pic.twitter.com/u8a6ZBAKEj
আন মাইকী হাতীয়ে যেতিয়া পোৱালি জন্ম দিছিল, তেতিয়া বাৎসালাই আইতাকৰ দৰে চোৱা-চিতা কৰিছিল । সন্মুখৰ ভৰিৰ নখত আঘাত পোৱাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ হিনৌটা অঞ্চলৰ খাইৰিয়া নালাৰ ওচৰত বহিছিল বাৎসালা । বন বিভাগৰ কৰ্মচাৰীয়ে হাতীজনীক জগাবলৈ বহু চেষ্টা কৰিছিল যদিও দুপৰীয়াৰ ভাগত বাৎসালাৰ মৃত্যু হয় ।
বাৰ্ধক্যৰ কাৰণে বাৎসালাৰ চকুৰ দৃষ্টিশক্তি হেৰাই গৈছিল । হাতীজনীয়ে বহু দূৰ খোজ কাঢ়িব পৰা নাছিল । বিবৃতিটোত কোৱা হৈছে যে বাৎসালাক হিনৌটা হাতী শিবিৰত ৰখা হৈছিল । হাতীজনীক প্ৰতিদিনে গা ধুৱাবলৈ খাইৰিয়া নলালৈ লৈ যোৱা হৈছিল ।
পান্না ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পশু চিকিৎসক আৰু বন্যপ্ৰাণী বিশেষজ্ঞই নিয়মিতভাৱে বাৎসালাৰ স্বাস্থ্য পৰীক্ষা কৰিছিল । উপযুক্ত যত্নৰ বাবে সংৰক্ষিত বনাঞ্চলৰ শুকান অৰণ্যত হাতীজনী বহুদিন জীয়াই থাকে । মুখ্যমন্ত্রী মোহন যাদৱে এক্সত এটা পোষ্ট যোগে বাৎসালাক শ্ৰদ্ধাঞ্জলি জনাই কয় যে বাৎসালাৰ শতিকাজোৰা যাত্ৰাৰ আজি অন্ত পৰিল ৷ আজি বিয়লি পান্না ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শেষ উশাহ লয় বাৎসালাই ।
লগতে পঢ়ক : ভাৰতে নিৰ্মাণ কৰিব আটাইতকৈ শক্তিশালী বাংকাৰ-বাষ্টাৰ্ছ; মাটিৰ ১০০ মিটাৰ পৰ্যন্ত সোমাই কৰিব আক্ৰমণ