এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বাৎসালা আৰু নাই; ১০০ বছৰতকৈয়ো অধিক বয়সত মৃত্যু

এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বাৎসালা আৰু নাই

মঙলবাৰে মধ্যপ্ৰদেশৰ পান্না ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মৃত্যু হয় এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী ‘বাৎসালা’ৰ । ১০০ বছৰতকৈয়ো অধিক বয়সত মৃত্যু হয় হাতীজনীৰ । বাৎসালাক কেৰালাৰ পৰা নৰ্মদাপুৰমলৈ অনা হৈছিল । পৰৱৰ্তী সময়ত হাতীজনীক পান্না টাইগাৰ ৰিজাৰ্ভলৈ স্থানান্তৰ কৰা হয় ।

এটা বিবৃতিত কোৱা হৈছে যে বাৎসালাক এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বুলি গণ্য কৰা হৈছিল । পান্না টাইগাৰ ৰিজাৰ্ভৰ বিষয়া আৰু কৰ্মচাৰীয়ে হাতীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে । বহু বছৰ ধৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল হাতীজনী । আটাইতকৈ বয়সীয়াল হোৱাৰ বাবে হাতীজনীয়ে সংৰক্ষিত বনাঞ্চলৰ হাতীৰ দলটোক নেতৃত্ব দিছিল ।

আন মাইকী হাতীয়ে যেতিয়া পোৱালি জন্ম দিছিল, তেতিয়া বাৎসালাই আইতাকৰ দৰে চোৱা-চিতা কৰিছিল । সন্মুখৰ ভৰিৰ নখত আঘাত পোৱাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ হিনৌটা অঞ্চলৰ খাইৰিয়া নালাৰ ওচৰত বহিছিল বাৎসালা । বন বিভাগৰ কৰ্মচাৰীয়ে হাতীজনীক জগাবলৈ বহু চেষ্টা কৰিছিল যদিও দুপৰীয়াৰ ভাগত বাৎসালাৰ মৃত্যু হয় ।

বাৰ্ধক্যৰ কাৰণে বাৎসালাৰ চকুৰ দৃষ্টিশক্তি হেৰাই গৈছিল । হাতীজনীয়ে বহু দূৰ খোজ কাঢ়িব পৰা নাছিল । বিবৃতিটোত কোৱা হৈছে যে বাৎসালাক হিনৌটা হাতী শিবিৰত ৰখা হৈছিল । হাতীজনীক প্ৰতিদিনে গা ধুৱাবলৈ খাইৰিয়া নলালৈ লৈ যোৱা হৈছিল ।

পান্না ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পশু চিকিৎসক আৰু বন্যপ্ৰাণী বিশেষজ্ঞই নিয়মিতভাৱে বাৎসালাৰ স্বাস্থ্য পৰীক্ষা কৰিছিল । উপযুক্ত যত্নৰ বাবে সংৰক্ষিত বনাঞ্চলৰ শুকান অৰণ্যত হাতীজনী বহুদিন জীয়াই থাকে । মুখ্যমন্ত্রী মোহন যাদৱে এক্সত এটা পোষ্ট যোগে বাৎসালাক শ্ৰদ্ধাঞ্জলি জনাই কয় যে বাৎসালাৰ শতিকাজোৰা যাত্ৰাৰ আজি অন্ত পৰিল ৷ আজি বিয়লি পান্না ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শেষ উশাহ লয় বাৎসালাই ।

লগতে পঢ়ক : ভাৰতে নিৰ্মাণ কৰিব আটাইতকৈ শক্তিশালী বাংকাৰ-বাষ্টাৰ্ছ; মাটিৰ ১০০ মিটাৰ পৰ্যন্ত সোমাই কৰিব আক্ৰমণ