মহাৰাষ্ট্ৰৰ পাৰভানীত পাকিস্তানৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে।ওৱেইছিয়ে কৈছে যে,’পাকিস্তানে সদায় পাৰমাণৱিক শক্তি হোৱাৰ কথা কয়’।
‘তেওঁলোকে মনত ৰখা উচিত যে কোনো দেশত প্ৰৱেশ কৰি নিৰীহ মানুহক হত্যা কৰিলে,সেই দেশখন মৌন হৈ নাথাকে’।
‘যি চৰকাৰেই নহওক কিয়, আমাৰ মাটিত আমাৰ মানুহক হত্যা কৰি, ধৰ্মৰ ভিত্তিত তেওঁলোকক টাৰ্গেট কৰি কি ‘দীন’ৰ কথা কৈছে?
ওৱাইছিয়ে পাকিস্তানৰ ওপৰত কটুভাৱে কয় য়ে ‘আপোনালোকে ISISৰ দৰে কাম কৰিছে।’মই প্ৰধানমন্ত্ৰীক ক’ব বিচাৰো যে যদি কাশ্মীৰ আমাৰ অবিচ্ছেদ্য অংগ হয়, তেন্তে কাশ্মীৰীসকলো আমাৰ এক অবিচ্ছেদ্য অংগ।কাশ্মীৰীসকলক আমি সন্দেহ কৰিব নোৱাৰো’।
অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ উদ্যোগত হোৱা এক কাৰ্যসূচীত এই মন্তব্য কৰিছে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে।