‘আগষ্ট মাহত নাপাব অৰুণোদয়ৰ ধন’
ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধীকাৰীৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ খবৰ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আগষ্ট মাহত আগষ্ট মাহত অৰুণোদয়ৰ ধন লাভ নকৰে হিতাধিকাৰীয়ে।
অৱশ্যে আগষ্ট মাহত পৰিৱৰ্তে ছেপ্তেম্বৰ মাহত হে লাভ কৰিব অৰুণোদয়ৰ ধন। দৰাচলতে প্ৰধানমন্ত্ৰীৰ জন্মদিন ১৭ ছেপ্তেম্বৰৰ পৰা শুভাৰম্ভ হ’ব অৰুণোদয় ৩.০।
জুলাইত সমাপ্ত হ’ল অৰুণোদয়ৰ দ্বিতীয়টো সংস্কৰণ।অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ কাম আৰম্ভ কৰা হৈছে।দৰাচলতে অৰুণোদয়ৰ যোগ্য নোহোৱা বহু মানুহ হিতাধিকাৰী হৈ আছিল।
সেয়ে তৃতীয় পৰ্যায়ত কিছু ব্যৱস্থাৰ সালসলনি কৰা হৈছে।অৰুণোদয় ৩.০ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে চৰকাৰক ১ মাহৰ প্ৰয়োজন হ’ব।
লগতে মূখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অৰুণোদয় হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ পত্ৰ আৰু কিতাপৰ টোপোলা লাভ কৰিব। নতুন পঞ্চায়ত প্ৰতিনিধি অথবা জিলা আয়ুক্তৰ প্ৰতিনিধিয়ে এই পত্ৰ আৰু কিতাপ প্ৰদান কৰিব।
আনহাতে এতিয়াৰে পৰা অৰুণোদয় আঁচনি লাভ কৰা পৰিয়ালে ৰন্ধন গেছ ক্ৰয় কৰিলে ২৫০ টকা ৰেহাই পাব। অৰুণোদয়ৰ পৰিয়াললৈ চৰকাৰে LPG ৰ ৰাজসাহায্যও দিয়া হ’ব।
এই আঁচনিত ৪০ লাখ পৰিয়ালক সামৰি লোৱা হৈছে।এই গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব পঞ্চায়তৰ লোকসকল।
লগতে পঢ়ক: ‘এয়া মাত্ৰ আৰম্ভণি হে, থমকি নৰয় উচ্ছেদ’; উৰিয়ামঘাটত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা