লণ্ডনত অৰিজিত সিঙৰ কনচাৰ্টত অঘটন
অৰিজিত সিঙৰ গীত শুনি সকলোৱে ভাল পাই। তেওঁৰ কণ্ঠৰ যাদুৱে সকলোকে মুহিত কৰে। কিন্তু শেহতীয়াকৈ লণ্ডনত তেওঁৰ কনচাৰ্টটো এটা আচৰিত ঘটনা সংঘটিত হয়। অৰিজিত সিঙে ‘সৈয়ৰা’ৰ টাইটেল ট্ৰেকটো গাই থকাৰ সময়তে অঘটনটো হয়।
উল্লেখ্য যে, দেওবাৰে লণ্ডনৰ টটেনহাম হটস্পাৰ ষ্টেডিয়ামত চলি আছিল জনপ্ৰিয় কণ্ঠশিল্পী অৰজিত সিঙৰ কনচাৰ্ট। কণ্ঠশিল্পী গৰাকীয়ে মঞ্চত তেতিয়া ‘সৈয়াৰা’, গীতটো পৰিৱেশন কৰি আছিল।
নিশা তেতিয়া ১০:৩০ বাজিছিল। নিশা ১০:৩০ বজাৰ কাৰ্ফিউৰ সময় পাৰ হৈ যোৱাৰ লগে লগে কিন্তু,আয়োজকসকলে কঠোৰ পদক্ষেপ ল’ব লগা হৈছিল।অৰিজিতে আৰু ২০ মিনিট সময় দিয়ক বুলি অনুৰোধ কৰিছিল।
দৰাচলতে অৰজিতে গীতটো পৰিৱেশন কৰি থকাৰ সময়তে ষ্টেডিয়াম প্ৰশাসনে হঠাৎ শ্ব’টোৰ বিদ্যুৎ বিচ্ছিন্ন কৰে।ফলত অৰিজিতে গীতটো সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু দৰ্শককো উপযুক্ত বিদায় দিব নোৱাৰিলে।
গীতটো আধৰুৱাকৈয়ে মঞ্চৰ পৰা নামি আহিব লগা হয় তেওঁ। অৰজিত সিঙৰ এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
লগতে পঢ়ক: নায়ক হ’ল মহেন্দ্ৰ সিং ধোনী! মাধৱনৰ সৈতে ঘটাব নেকি অভিষেক?