ডনাল্ড ট্ৰাম্পৰ মন্তব্যৰ পিছতে আইফোন নিৰ্মাতা কোম্পানী এপলে ভাৰত চৰকাৰ আশ্বাস দিছে।এপলে কৈছে যে ভাৰতৰ বাবে কোম্পানীটোৱে বিনিয়োগৰ পৰিকল্পনাত কোনো পৰিৱৰ্তন নকৰে।
এপলে এই প্ৰতিশ্ৰুতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতত এপলৰ মেনুফেকচাৰিং উপস্থিতিক ৰাজহুৱাভাৱে সমালোচনা কৰাৰ পিছত আহিছে।
ভাৰতত এপলৰ বিনিয়োগৰ পৰিকল্পনাত কোনো পৰিৱৰ্তন হোৱা নাই আৰু কোম্পানীটোৱে ভাৰত চৰকাৰক এক প্ৰধান উৎপাদন ভিত্তি হিচাপে ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে ভাৰত চৰকাৰক আশ্বাস দিছে।
কাটাৰৰ দোহাত এক ব্যৱসায়িক অনুষ্ঠানৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল যে তেওঁ এপলৰ চিইঅ’ টিম কুকৰ সৈতে ভাৰতত কোম্পানীটোৰ সম্প্ৰসাৰণৰ কাম-কাজ সন্দৰ্ভত কথা পাতিছিল।
সেই অনুষ্ঠানতে ভাৰতৰ পৰিৱৰ্তে এপলক আমেৰিকাত উৎপাদন বৃদ্ধি কৰিবলৈ কৈছিল ট্ৰাম্পে।
অৱশ্যে এই মন্তব্যৰ পিছতো ভাৰতৰ ইলেক্ট্ৰনিকছ উদ্যোগ আত্মবিশ্বাসী হৈ আছে।ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰীজ এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ মহাসচিব ৰাজো গোৱালে কয়, ইয়াৰ ফলত হয়তো অলপ লেহেমীয়া হ’ব পাৰে, কিন্তু সঁচাকৈয়ে মই নাভাবো যে ইয়াৰ ফলত ভাৰতত ইমান প্ৰভাৱ পৰিব।’