কংগ্ৰেছক তীক্ষ্ণ সমালোচনা অমিত শ্বাহৰ
লোকসভাত ‘অপাৰেচন সিন্দুৰ’ক লৈ চলি থকা বিতৰ্কৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ আৰু বিশেষকৈ গান্ধী পৰিয়ালক তীব্ৰ আক্ৰমণ কৰে । তেওঁ কয় যে আজি যেতিয়া কংগ্ৰেছ নেতাসকলে প্ৰশ্ন উত্থাপন কৰিছে তেতিয়া দেশবাসীক সোঁৱৰাই দিয়াটো গুৰুত্বপূৰ্ণ যে কংগ্ৰেছ চৰকাৰসমূহে বিগত সময়ত কিমান ডাঙৰ কৌশলগত ভুল কৰিছে । প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে লোৱা সিদ্ধান্তৰ উদ্ধৃতি দি শ্বাহে কয় যে কংগ্ৰেছৰ সন্ত্ৰাসবাদ আৰু পাকিস্তানক প্ৰশ্ন কৰাৰ কোনো নৈতিক অধিকাৰ নাই ।
গৃহমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে গান্ধী পৰিয়ালে তিনি প্ৰজন্ম ধৰি চীন-প্ৰেমত লিপ্ত হৈ আহিছে । তেওঁ কয় যে যেতিয়া ভাৰতীয় সেনাই ডকলামত চীনৰ সৈতে মুখামুখি হৈছিল তেতিয়া ৰাহুল গান্ধীয়ে চীনৰ ৰাষ্ট্ৰদূতক গোপনে সাক্ষাৎ কৰিছিল । ৰাজীৱ গান্ধী ফাউণ্ডেচন আৰু চীনৰ মাজত কি চুক্তি কৰা হৈছে বুলিও তেওঁ প্ৰশ্ন কৰে । নেহৰুক আক্ৰমণ কৰি শ্বাহে কয় যে তেওঁ নিৰাপত্তা পৰিষদৰ সদস্যপদ নাকচ কৰি চীনক সন্তুষ্ট কৰিছিল ।
নেহৰু-ইন্দিৰাৰ কৌশলগত ভুলৰ তালিকা-
১৯৭১ চনৰ যুদ্ধৰ পিছত ছিমলা চুক্তিৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয় যে ভাৰতৰ বাবে এয়া এক ঐতিহাসিক বিজয়, কিন্তু কংগ্ৰেছে সেই সুযোগ হেৰুৱাই পেলালে । তেওঁ কয় যে সেই সময়ত কংগ্ৰেছে পাকিস্তানৰ পৰা পি অ’ কে বিচৰা হ’লে আজিৰ পৰিস্থিতি বেলেগ হ’লহেঁতেন । তেওঁ কয় যে ইন্দিৰা গান্ধীয়েও যুদ্ধত দখল কৰা ১৫ হাজাৰ বৰ্গ কিলোমিটাৰ মাটি ঘূৰাই দিছিল আৰু লগতে ১৯৫ জন পাকিস্তানী যুদ্ধবন্দীকো বিচাৰ অবিহনে উভতাই পঠিয়াইছিল ।
সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কংগ্ৰেছৰ ভূমিকা সম্পৰ্কে প্ৰশ্ন-
অমিত শ্বাহে কয় যে ২০০৪ চনত ইউ পি এ চৰকাৰে প্ৰথমে পোটা আইন বাতিল কৰিছিল, তাৰ পিছত ইটোৰ পিছত সিটোকৈ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল । তেওঁ ২০০৫ চনৰ পৰা ২০১১ চনলৈকে ২৭টা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰে, য’ত প্ৰায় ১০০০ লোক নিহত হয় । তেওঁ কয় যে পোটা বাতিল কৰি কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতি কৰিছিল আৰু সন্ত্ৰাসবাদীক বচাবলৈ কাম কৰিছিল ।
বাটলা হাউছৰ ওপৰতো কংগ্ৰেছক আক্ৰমণ-
অমিত শ্বাহে দাবী কৰিছিল যে বাটলা হাউছ এনকাউণ্টাৰৰ পিছত ছোনিয়া গান্ধীয়ে কান্দিছিল, কিন্তু শ্বহীদ আৰক্ষী বিষয়াজনৰ বাবে নহয়, নিহত সন্ত্ৰাসবাদীৰ বাবে তেওঁ দুখী আছিল । তেওঁ কয় যে ছলমান খুৰশ্বিদে যেতিয়া ছোনিয়া গান্ধীক লগ পাই কান্দি কান্দি ওলাই আহিছিল, তেতিয়া তেওঁ এই কথা কৈছিল । শ্বাহে কয় যে সন্ত্ৰাসবাদীৰ বাবে কান্দি থকাসকলৰ প্ৰশ্ন কৰাৰ কোনো অধিকাৰ নাই ।
বৈছাৰণ আক্ৰমণৰ সন্ত্ৰাসবাদী নিহতঃ শ্বাহ
গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে বৈছাৰনত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ দোষী পাকিস্তানলৈ পলায়ন কৰিব নোৱাৰিলে । তেওঁ কয় যে আমাৰ সেনাই সন্ত্ৰাসবাদীক হত্যা কৰিলে । শ্বাহে কয় যে এতিয়া পৰিস্থিতি সলনি হৈছে, এতিয়া ভাৰতীয় সেনা আৰু চৰকাৰে প্ৰতিটো সন্ত্ৰাসবাদীক অন্ত পেলাইছে । তেওঁ কয় যে অপাৰেচন সিন্দুৰ এই পৰিৱৰ্তিত ভাৰতৰ সাৰ্বভৌমত্ব আৰু সংকল্পৰ প্ৰতীক ।
লগতে পঢ়ক : অপাৰেচন সিন্দুৰক লৈ লোকসভাত সেনাৰ বীৰত্বৰ প্ৰশংসা ৰাজনাথ সিঙৰ…