বিহাৰত অমিত শ্বাহৰ ডাঙৰ মন্তব্য
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি বিহাৰৰ পুনাউৰা ধামত উপস্থিত হয়। গৃহমন্ত্ৰী গৰাকীয়ে মাতা সীতা মন্দিৰৰ ভূমিপূজনৰ পিছত জনসাধাৰণক সম্বোধন কৰে।
গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, “আমাৰ মিথিলাৰ সংস্কৃতি কেৱল এই ঠাইৰ সংস্কৃতি নহয়, বৰং ই সমগ্ৰ ভাৰতৰ মণি।আজি দিনটো সকলোৰে বাবে অতি শুভ দিন।
ইয়াত বহু যুগৰ আগতে ৰামায়ণ কালত ৰজা জনকে সোণেৰে মাটি হাল বাইছিল আৰু তাৰ পৰাই মা জানকী আবিৰ্ভাৱ হৈছিল।এইটো কেৱল বিহাৰৰ বাবেই নহয় সমগ্ৰ ভাৰতৰ বাবেও শুভ হ’ব।”
তেওঁ আৰু কয় যে শ্ৰীৰামক মাতৃ সীতাই য’ত প্ৰথমবাৰৰ বাবে লগ পাইছিল, ইয়াতে লৱ-কুশৰ জন্মস্থান আৰু মা সীতাই শেষবাৰৰ বাবে বাস কৰা সকলো ঠাই পুনৰুজ্জীৱিত হৈ আমাৰ দেশৰ মাতৃশক্তিৰ বাবে উৎসৰ্গা কৰা হ’ব।
অমিত শ্বাহে আৰু কয় যে, “ভাৰতীয় সংস্কৃতিত মাতৃ সীতাৰ এক অনন্য স্থান।এটা জীৱনত তেওঁ আদৰ্শ পত্নী, কন্যা, মাতৃ আৰু ৰাণী মাতৃৰ সকলো ভূমিকা পালন কৰিছিল”।
“মাতৃ সীতাৰ জন্মস্থানত এক বৃহৎ মহিমামণ্ডিত হ’বলৈ গৈ আছে।এয়াই বিহাৰৰ উত্থানৰ আৰম্ভণি, মাতা সীতাৰ মন্দিৰ মাতৃত্বৰ শক্তিৰ প্ৰতি উৎসৰ্গিত।”
তেওঁ লগতে কয় যে, “মোদী জীৰ নেতৃত্বত এন ডি এ চৰকাৰে মিথিলাক বহু দিশত সন্মান কৰা হৈছিল।শৰ্দা সিনহা জীয়ে ২০১৮ চনত পদ্ম ভূষণ লাভ কৰিছিল আৰু ২০২৫ চনত মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰি মিথিলাৰ কলাক সন্মানিত কৰা হয়।
লগতে পঢ়ক: ট্ৰাম্পৰ শুল্ক নীতিৰ মাজতে ডাঙৰ খবৰ; শীঘ্ৰেই ভাৰতলৈ আহিব ভ্লাদিমিৰ পুটিন