দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংসদৰ নিৰ্বাচন
দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ২০২৫-২৬ৰ বাবে আজি অনুষ্ঠিত হ’ব ভোটদান । আজি ২১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২ লাখ ৮০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে । দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনী কাৰ্যালয়ে ভোটদানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । পুৱাৰ কলেজত ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ দুপৰীয়া ১ বজালৈকে চলিব । সন্ধিয়াৰ মহাবিদ্যালয়সমূহত ভোটদান বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ৭:৩০ বজালৈকে চলিব ।
দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নৰ্থ কেম্পাছ আৰু চাউথ কেম্পাছকে ধৰি সকলো মহাবিদ্যালয়তে নিৰাপত্তা বৃদ্ধি কৰা হৈছে । দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক জোৱান নিয়োগ কৰা হৈছে । বুধবাৰেও কেম্পাছৰ মাজেৰে নিৰাপত্তা বাহিনীয়ে সমদল কৰে । ছাত্ৰ মাৰ্গত উপস্থিত আছিল জ্যেষ্ঠ আৰক্ষী বিষয়া । ভোটগ্ৰহণৰ পথত বেৰিকেড লগোৱা হৈছে । বাহিৰৰ লোকৰ প্ৰৱেশৰ ওপৰত কঠোৰ নিৰীক্ষণ কৰা হ’ব । ভোট গণনা কৰা স্থানতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।
এছ এম এছ আৰু ইমেইলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীলৈ প্ৰেৰণ গুৰুত্বপূৰ্ণ তথ্য-
এই নিৰ্বাচনৰ মুখ্য নিৰ্বাচনী বিষয়া অধ্যাপক ৰাজ কিশোৰ শৰ্মাই উল্লেখ কৰে যে ৫২টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ৭১১টা ই ভি এম ব্যৱহাৰ কৰা হৈছে । বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে মহাবিদ্যালয়সমূহক বিশেষ নিৰ্দেশনা দিয়া হৈছে । মহাবিদ্যালয়সমূহে তেওঁলোকৰ বাবে তলৰ মহলাত ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰিব যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় । ১৯ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৯ বজাৰ পৰা ইউনিভাৰ্চিটি স্প’ৰ্টছ ষ্টেডিয়ামত ভোট গণনা আৰম্ভ হ’ব । নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়াসকলৰ সৈতে সহযোগিতা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনোৱা হৈছে । শ্যামলাল মহাবিদ্যালয়ৰ অধ্যক্ষ ৰবি নাৰায়ণ কাৰে উল্লেখ কৰে যে সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকললৈ এছ এম এছ আৰু ইমেইলযোগে তথ্য প্ৰেৰণ কৰা হৈছে ।
২১ জন প্ৰাৰ্থীয়ে আগবঢাইছে প্ৰতিদ্বন্দ্বিতা-
এইবাৰ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনত ২১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । সভাপতি পদৰ বাবে ৯ জন, উপ-সভাপতি পদৰ বাবে ৩ জন, সম্পাদক পদৰ বাবে ৪ জন আৰু যুটীয়া সম্পাদকৰ পদৰ বাবে ৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰ ভিতৰত আছে ৭ গৰাকী মহিলা প্ৰাৰ্থী । মনোনয়ন প্ৰত্যাহাৰৰ পিছতে প্ৰথমতে দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনী কাৰ্যালয়ে সভাপতি পদৰ বাবে আঠজন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে । পাছলৈ এটা নাম বাদ পৰাৰ পিছত ৯ জনীয়া নতুন তালিকা প্ৰকাশ পাই । প্ৰশাসনে অজানিতে এটা নাম বাদ দিয়া বুলি উল্লেখ কৰে ।
লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ গাইডেন্স প্ৰদান কৰিব এ আইয়ে; শিক্ষা মন্ত্ৰালয়ৰ মাই কেৰিয়াৰ এডভাইজাৰ এপ মুকলি