সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সমৰ্থন
গোয়ানাৰ উপ-ৰাষ্ট্ৰপতি ভৰত জগদেৱ আৰু প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সমৰ্থন প্ৰকাশ কৰে । গোয়ানা ভ্ৰমণ কৰা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত থকা সৰ্বদলীয় প্ৰতিনিধি দলটোক সাক্ষাৎ কৰি দুয়োগৰাকী নেতাই ভাৰতক সমৰ্থন কৰে । উল্লেখ্য যে, শশী থাৰুৰৰ নেতৃত্বত থকা এই দলটোত আছে অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা ।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে অটল সমৰ্থনৰ আশ্বাস গোয়ানাৰ-
দেওবাৰে পুৱা ভাৰতীয় প্ৰতিনিধি দলটোৱে গোয়ানাৰ ৰাজধানী জৰ্জটাউনত উপস্থিত হয় । বৈঠকৰ অন্তত জৰ্জটাউনত থকা ভাৰতীয় উচ্চায়ুক্তই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত লিখিছে যে ‘প্ৰতিনিধি দলটোৱে গোয়ানাৰ উপ-ৰাষ্ট্ৰপতি ড০ ভৰত জগদেৱক সাক্ষাৎ কৰে । সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতা নীতিৰ আলোকপাত কৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ, অপাৰেচন সিন্দুৰ আৰু সিন্ধু জল সন্ধিৰ সন্দৰ্ভত ভাৰতৰ স্থিতি বিশদভাৱে প্ৰকাশ কৰে প্ৰতিনিধি দলটোৱে । টুইটটোত কোৱা হৈছে, ‘উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত গোয়ানাৰ অদম্য সমৰ্থন পুনৰবাৰ উল্লেখ কৰে ।’
ভাৰতৰ পৰা যোৱা সৰ্বদলীয় প্ৰতিনিধি দলটোক সাক্ষাৎ কৰাৰ পিছত গোয়ানাৰ প্ৰধানমন্ত্ৰী ব্ৰিগেডিয়াৰ মাৰ্ক এন্থনী ফিলিপছে কয়, ‘গোয়ানাই যিকোনো সন্ত্ৰাসবাদৰ কাৰ্যক গৰিহণা দিয়ে । আমি বিশ্বাস কৰোঁ যে প্ৰতিখন ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ নিজৰ নিজৰ দেশত শান্তিৰে জীয়াই থকাৰ অধিকাৰ আছে । আমি আইনৰ শাসন মানি চলাত বিশ্বাস কৰোঁ ।‘ লগতে তেওঁ এই ক্ষেত্ৰত ভাৰতক সমৰ্থন প্ৰকাশ কৰে ।
বিনিয়োগৰ বিষয়েও আলোচনা-
ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়া শশী থাৰুৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰে, য’ত তেওঁ গোয়ানাৰ শীৰ্ষ নেতৃত্বৰ সৈতে হোৱা বৈঠকক উৎকৃষ্ট বুলি অভিহিত কৰে । তেওঁ কয়, ‘শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ প্ৰতি গভীৰ সহানুভূতি আৰু বুজাবুজিৰ উপৰিও আমাৰ তেল আৰু গেছ অন্বেষণৰ বিষয়টোও আলোচনা কৰা হৈছিল । গোয়ানাৰ অভিলেখ ভংগকাৰী বিকাশৰ হাৰৰ বিষয়েও আলোচনা কৰা হয় । কৃষিৰ পৰা আৰম্ভ কৰি টেলিকম, বেংকিং আৰু ঘাইপথ উন্নয়নলৈকে বিভিন্ন খণ্ডত ভাৰতীয় কোম্পানীসমূহৰ বাবে সুযোগৰ বিষয়েও আলোচনা কৰা হয় । গোয়ানাত শ্ৰমিকৰ অভাৱ, সেয়েহে গোয়ানাতো ভাৰতীয় শ্ৰমিকৰ বাবে সুযোগ আছে ।‘
ইফালে গোয়ানাৰ ৫৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী ফিলিপছে ভাৰতীয় প্ৰতিনিধি দলটোক সন্মান জনাই এক ভোজৰ আয়োজন কৰে । ভাৰতীয় প্ৰতিনিধি দলটোৱে গোয়ানাৰ স্বাধীনতা দিৱস উদযাপনতো অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : ‘পাকিস্তানে ডাঙৰ মূল্য দিব লাগিব’; কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ ধমক