কমল হাছানৰ ছবি নিষিদ্ধ কৰাৰ ভাবুকি
কানাড়া ভাষাৰ ওপৰত কমল হাছানৰ বিতৰ্কিত মন্তব্যক লৈ বিষয়টো উত্তপ্ত হৈ পৰিছে।বিতৰ্কিত মন্তব্য দি অভিনেতাজনে কৈছিল যে তামিল ভাষাই কানাড়া ভাষাৰ জন্ম দিছে, যাক লৈ কৰ্ণাটকৰ জনসাধাৰণে অভিনেতাজনৰ ওপৰত ক্ষোভিত হৈ পৰে।
বিষয়টো উত্তপ্ত হোৱাৰ লগে লগে মানুহে কমল হাছানক ক্ষমা বিচাৰিবলৈ দাবী কৰিছে, কিন্তু তেওঁ স্পষ্টভাৱে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰি কয় যে তেওঁ কিবা ভুল কোৱা বুলি অনুভৱ কৰিলেহে ক্ষমা খুজিব।কিন্তু তেওঁ যি ক’লে তাত একো ভুল আছিল বুলি তেওঁ নাভাবে।
কমল হাছানে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰাৰ পিছত কৰ্ণাটকৰ কানাড়া আৰু সাংস্কৃতিক মন্ত্ৰী শিৱৰাজ টাংগাদীয়ে এই বিতৰ্কিত বক্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কমল হাছানে যদি ৰাজহুৱাকৈ ক্ষমা নুখুজে, তেতিয়া কৰ্ণাটকত তেওঁৰ ছবি নিষিদ্ধ কৰা হ’ব।
কানাড়া আৰু সাংস্কৃতিক মন্ত্ৰী শিৱৰাজ টাংগাডিৰ মতে, কৰ্ণাটক ফিল্ম চেম্বাৰ অৱ কমাৰ্চে (কে এফ চি চি) এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
কমল হাছানৰ ছবি নিষিদ্ধ কৰাৰ সিদ্ধান্ত
তেওঁ কয় যে চলচ্চিত্ৰ বিতৰক আৰু থিয়েটাৰৰ মালিকসকলেও এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছে যে হাছানে যেতিয়ালৈকে ক্ষমা নিবিচাৰে, তেতিয়ালৈকে তেওঁৰ ছবিসমূহ ৰাজ্যখনত মুক্তি নাপাব।
মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰে যে, “কানাড়া ভাষা, কানাড়ীগাছ আৰু কৰ্ণাটকৰ সন্মানৰ বিৰুদ্ধে কোনো মন্তব্য সহ্য কৰা নহ’ব।”
আনহাতে কমল হাছানে পুনৰ কৈছে যে ‘তেওঁ কিবা ভুল কোৱা বুলি অনুভৱ কৰিলেহে ক্ষমা খুজিব।তেওঁ কয় যে, ‘মোৰ ভুল হ’লে ক্ষমা খুজিম, যদি ভুল হোৱা নাই, তেন্তে ক্ষমা খোজাৰ কথাই নাহে’।
‘অনুগ্ৰহ কৰি মোৰ জীৱনশৈলীত বাধা নিদিব।’ তেওঁ আইন আৰু ন্যায়ত বিশ্বাসী আৰু কৰ্ণাটকৰ প্ৰতি তেওঁৰ মৰম প্ৰকৃত বুলিও জোৰ দিয়ে।
লগতে পঢ়ক: দ্বিতীয়বাৰলৈ ডাউন হ’ল X ; ব্যৱহাৰকাৰীসকলৰ মাজত হাহাকাৰ