ৰাণৱে পাৰ হৈ গ’ল এয়াৰ ইণ্ডিয়াৰ বিমান
এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। মুম্বাইত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা নামি গৈছিল বিমানখন।
মুম্বাইত ধাৰাষাৰ বৰষুণৰ ফলত বিমানখন ৰাণৱেৰ পৰা বাহিৰলৈ গৈছিল।কিন্তু অৱতৰণৰ সময়ত বিমানখনৰ গতি কম হোৱাৰ বাবে কোনো ডাঙৰ দুৰ্ঘটনা সংঘটিত নহ’ল।লাভ কৰা তথ্য অনুসৰি বিমানখনত থকা সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে।
জানিব পৰা মতে এই বিমানখন কেৰালাৰ কোচিৰ পৰা মুম্বাইলৈ আহি আছিল। ৰানৱে পৰা বাহিৰ হৈ যোৱাৰ ফলত বিমানখনৰ ৩ টাকৈ টায়াৰ ফাটি গৈছে আৰু ইয়াৰ ইঞ্জিনৰো ক্ষতিসাধন হৈছে।
এয়াৰ ইণ্ডিয়া বিমান AI 2744 A320 (VT-TYA) য়ে ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণৰ সময়ত প্ৰচণ্ড বৰষুণৰ বাবে ৰাণৱে পাৰ হৈ যায়।
প্ৰাথমিক প্ৰতিবেদন অনুসৰি বেয়া বতৰৰ বাবে বিমানখন অৱতৰণ কৰাৰ লগে লগে ৰাণৱেৰ পৰা নামি যায়। ইয়াৰ বাবেই বিমানখনৰ তিনিটা টায়াৰ প্ৰচণ্ড চাপত ফাটি যায়।
কিন্তু বিমানখনে টাৰ্মিনেল গেটত নিৰাপদে ৰৈ যাবলৈ সক্ষম হয়। লগে লগে জৰুৰীকালীন উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয় আৰু যাত্ৰীসকলক সুৰক্ষিতভাৱে উলিয়াই আনে।
লগতে পঢ়ক: ভাৰতৰ প্ৰথমখন বিদেশী বিশ্ববিদ্যালয়; গুৰুগ্ৰামত মুকলি Southampton University