ডি এন এ পৰীক্ষাত নিহত ৯ জনৰ মৃতদেহ চিনাক্ত
আহমেদাবাদ অসামৰিক চিকিৎসালয়ত এই পৰ্যন্ত ডি এন এৰ নমুনাৰ ভিত্তিত শোকাৱহ বিমান দুৰ্ঘটনাৰ ৯ জন ভুক্তভোগীক চিনাক্ত কৰি মৃতদেহ আত্মীয়ক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । জানিব পৰা মতে, ইয়াৰ পূৰ্বে পৰিয়ালৰ সদস্যই চিনাক্ত কৰাৰ পিছত চিকিৎসালয়খনে ৮টা মৃতদেহ আত্মীয়ক গতাই দিছিল আৰু এই মৃতদেহসমূহৰ ডি এন এ প্ৰফাইলিঙৰ প্ৰয়োজন নাছিল । শনিবাৰে চিকিৎসকে জনোৱা মতে, বিমান দুৰ্ঘটনাস্থলীৰ পৰা এতিয়ালৈকে প্ৰায় ২৭০টা মৃতদেহ চিকিৎসালয়লৈ অনা হৈছে ।
বিমানত থকা ২৪২ জনৰ ভিতৰত ২৪১ জন যাত্ৰীৰ মৃত্যু-
আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান বৃহস্পতিবাৰে বিয়লি চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে মহানগৰীৰ মেঘনীনগৰ অঞ্চলৰ মেডিকেল কলেজৰ হোষ্টেল চৌহদত দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখনত থকা ২৪২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ ভিতৰত ২৪১ জন যাত্ৰীৰে এই দুৰ্ঘটনাত মৃত্যু হয় । অলৌকিকভাৱে ৰক্ষা পৰে এজন যাত্ৰী ।
ডি এন এ পৰীক্ষা ক্ষিপ্ৰতাৰে কৰিবলৈ মন্ত্ৰীৰ বৈঠক-
ডি এন এ পৰীক্ষা প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ গুজৰাটৰ গৃহ ৰাজ্য মন্ত্ৰী হৰ্ষ সংঘৱীয়ে শনিবাৰে ৰাজ্যৰ ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় । অসামৰিক চিকিৎসালয়ৰ অতিৰিক্ত অসামৰিক অধীক্ষক ডাঃ ৰজনীশ পেটেলে কয় যে ছটা ডি এন এৰ নমুনাৰ ফলাফল আহিছে আৰু সেই ৬জন নিহত লোকৰ আত্মীয়ক মৃতদেহ চমজি ল’বলৈ ফোনযোগে অৱগত কৰা হৈছে ।
গান্ধীনগৰৰ এফ এছ এলত এখন বৈঠকৰ অন্তত মন্ত্ৰী সংঘৱীয়ে কয় যে ডি এন এ পৰীক্ষা প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ কৰাটো ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ । তেওঁ কয় যে, “সমগ্ৰ গুজৰাটৰ ফৰেনছিক বিশেষজ্ঞৰ লগতে কেন্দ্ৰই পঠোৱা বহু বিশেষজ্ঞই ডি এন এৰ নমুনা মিলাবলৈ দিনে-নিশাই কাম কৰি আছে । ফলাফল অহাৰ লগে লগে আমি অসামৰিক চিকিৎসালয়লৈ পঠিয়াই দিওঁ যাতে পৰিয়ালসমূহে মৃতদেহ দাবী কৰিব পাৰে ।”
জ্বলি যোৱা মৃতদেহ চিনাক্তকৰণ নিশ্চিত কৰিবলৈ ডি এন এ প্ৰফাইলিং চলি আছে । অসামৰিক চিকিৎসালয়ত আত্মীয়ৰ ডি এন এৰ নমুনা সংগ্ৰহ কৰাৰ পিছত এই নমুনাসমূহ মিলোৱাৰ বাবে আহমেদাবাদ আৰু গান্ধীনগৰৰ এফ এছ এললৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক : আহমেদাবাদৰ বিমান দুৰ্ঘটনাত অমিতাভ বচ্চনে হেৰুৱালে আত্মীয়ক; তদন্তৰ দাবী উত্থাপন