বলীউডত প্ৰৱেশ আহান পাণ্ডে
প্ৰথমবাৰৰ বাবে যশ ৰাজ ফিল্মছ আৰু পৰিচালক মোহিত ছুৰীয়ে দৰ্শকৰ সন্মুখত উপস্থাপন কৰিবলৈ ওলাইছে এখন ৰোমান্টিক ছবি। এই ছবিখনৰ নাম ‘সৈয়াৰা’। আজি ইয়াৰ টিজাৰো মুক্তি পালে।
এই ছবিখনৰ জৰিয়তে চাংকি পাণ্ডেৰ ভতিজা আহান পাণ্ডেয়ে নায়ক হিচাপে বলীউডত প্ৰৱেশ কৰিছে। তেওঁৰ সৈতে ছবিখনত থাকিব অনীত পদ্দা।
ছবিখনৰ টিজাৰত আহান আৰু অনীতৰ মাজত চলি থকা ৰোমাঞ্চত ‘সৈয়াৰা’ৰ অৰ্থ বুজাই দিয়া হৈছে। য’ত কোৱা হৈছিল- ‘সৈয়ৰা মানে তৰাৰ মাজত এক অকলশৰীয়া তৰা… যিয়ে নিজাববীয়াকৈ খোজ কাঢ়ি সমগ্ৰ পৃথিৱীখনক আলোকিত কৰে।’
সৈয়াৰাত মুখ্য চৰিত্ৰত অভিনয় কৰিব আহন পাণ্ডে আৰু অনীত পদ্দাই। মোহিত ছুৰীৰ এই ৰোমান্টিক নাটকৰ জৰিয়তে আহানে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে।
আহান হৈছে চাংকি পাণ্ডেৰ ভাতৃ চিকি পাণ্ডেৰ পুত্ৰ। একে সময়তে ‘বিগ গাৰ্লছ ডনট ক্ৰাই’ নামৰ ৱেব ছিৰিজত অভিনয় কৰিছে অনীতে।
ইয়াৰ উপৰিও ২০২২ চনত মুক্তি পোৱা ছালাম ভেংকি ছবিতো অভিনয় কৰিছে। এতিয়া যশ ৰাজৰ বেনাৰত ‘সৈয়ৰা’ ছবিত নায়ক হিচাপে অভিষেক ঘটোৱাৰ সুযোগ পাইছে।
মোহিত সূৰীৰ এই ৰোমান্টিক ছবিখন বহুদিনৰ পৰাই চৰ্চা চলি আছিল। এতিয়া ছবি নিৰ্মাতাসকলে টিজাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। এই ছবিখন ২০২৫ চনৰ ১৮ জুলাইত চিনেমাগৃহত মুক্তি পাব।
লগতে পঢ়ক: ‘দুটা শ্বিফ্টত নহ’ব পৰীক্ষা’; NEET PG 2025 পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ আদেশ