ড’নাল্ড ট্ৰাম্পে হামাছক জাৰি কৰিলে সতৰ্কবাণী
গাজা ষ্ট্ৰিপত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ এতিয়াও শেষ হোৱা নাই। প্ৰায় ২ বছৰ ধৰি চলি থকা এই যুদ্ধত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে।
এই সমগ্ৰ যুদ্ধৰ মাজতে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে হামাছক সতৰ্কবাণী জাৰি কৰিছে আৰু ইজৰাইলী পণবন্দীসকলক মুকলি কৰি দিবলৈ কোৱা হয়।ড’নাল্ড ট্ৰাম্পে হামাছৰ প্ৰতি ইয়াক তেওঁৰ শেষ সতৰ্কবাণী বুলি অভিহিত কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে ট্ৰুথ ছ’চিয়েলত এক পোষ্টত এইদৰে কয়-“সকলোৱে বিচাৰে পণবন্দীসকল ঘৰলৈ উভতি যাওক।সকলোৱে এই যুদ্ধৰ অন্ত পৰাটো বিচাৰে!”
“ইজৰাইলীসকলে মোৰ চৰ্ত মানি লৈছে।হামাছেও ইয়াক গ্ৰহণ কৰাৰ সময় আহি পৰিছে।মই হামাছক গ্ৰহণ নকৰাৰ পৰিণতিৰ বিষয়ে সকীয়াই দিছো।”
“এইটো মোৰ শেষ সতৰ্কবাণী,এতিয়া এনে কোনো সতৰ্কবাণী নাথাকিব!এই বিষয়ত মনোযোগ দিয়াৰ বাবে ধন্যবাদ।”
দৰাচলতে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলত প্ৰৱেশ কৰি হাজাৰৰো অধিক লোকক হত্যা কৰিছিল যিটো সমগ্ৰ বিশ্বই সমালোচনা কৰিছিল।
ইয়াৰ পিছত ইজৰাইলে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰে।হামাছৰ তথ্য অনুসৰি এই পৰ্যন্ত ইজৰাইলৰ আক্ৰমণত ৬৩ হাজাৰৰো অধিক পেলেষ্টাইনী নিহত হৈছে।
লগতে পঢ়ক: আমেৰিকাৰ সৈতে শুল্ক বিবাদৰ মাজতে ভাৰত আৰু ইজৰাইলৰ হ’বলৈ ওলাইছে মুক্ত বাণিজ্য চুক্তি