ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দেওবাৰে য়েমেনৰ হুটী বিদ্ৰোহীৰ বিৰুদ্ধে কেইবাটাও আক্ৰমণ চলোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
ইৰাণ সমৰ্থিত গোটটোৱে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ বেন গুৰিয়ান বিমানবন্দৰৰ সমীপত পৰিল, যিটো দেশৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।
এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি হুটীয়ে কয় যে তেওঁলোকে গাজাত পেলেষ্টাইনীসকলৰ সৈতে একলগ হৈ কাম কৰি আছে।
নিজৰ ব্যক্তিগত এক্স একাউণ্টত পোষ্ট কৰা এটা ভিডিঅ’ত বেঞ্জামিন নেতান্যাহুৱে কয় যে হুটী আক্ৰমণৰ প্ৰতি ইজৰাইলে প্ৰতিশোধ লোৱাটো “এবাৰতেই কৰাৰ” পৰিস্থিতি নহয়, বৰঞ্চ একাধিকবাৰ আক্ৰমণ কৰা হ’ব’।
তেওঁ আৰু কয় যে ‘আমি আমেৰিকাৰ সৈতে সমন্বয়ৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছো।আমি তেওঁলোকৰ বিৰুদ্ধে বিগত সময়ত ব্যৱস্থা লৈছো আৰু ভৱিষ্যতেও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লম।’
হুটীয়ে টেল আভিভৰ মিছাইল আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কয় যে তেওঁলোকে গাজাত পেলেষ্টাইনীসকলৰ সৈতে একেলগে কাম কৰি আছে। নেতান্যাহুৱে এতিয়া একাধিকবাৰ আক্ৰমণৰ সতৰ্কবাণী দিছে।