পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতত বহু পাকিস্তানী শিল্পী আৰু চেলিব্ৰিটিক নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
তাৰ মাজতে গায়ক আদনান ছামীয়ে শেহতীয়াকৈ আজাৰবাইজানৰ একাংশ পাকিস্তানী যুৱকৰ সৈতে হোৱা কথা-বতৰাৰ কথা মনত পেলাইছে।
আদনানে কয় যে যুৱককেইজনে তেওঁক কৈছিল যে তেওঁ সঠিক সময়ত পাকিস্তান এৰি থৈ গৈছে আৰু তেওঁলোকেও নিজৰ পাকিস্তানী পৰিচয় ত্যাগ কৰিব বিচাৰে।
যুৱক কেইজনে আদনান ছামিক কৈছিল, যিসকলৰ হাতত এসময়ত পাকিস্তানী পাছপ’ৰ্ট আছিল আৰু এতিয়া ভাৰতীয় নাগৰিক, তেওঁলোকে পাকিস্তান সেনাক ঘৃণা কৰে কাৰণ ই তেওঁলোকৰ দেশ ধ্বংস কৰিছে।আদনানে ক’লে যে তেওঁ এই কথা ইতিমধ্যে জানিছিল।

আদনান ছামিয়ে লিখিছে, ‘আজাৰবাইজানৰ বাকুৰ সুন্দৰ ৰাজপথত খোজ কাঢ়ি যোৱাৰ সময়ত কিছুমান মৰমলগা পাকিস্তানী যুৱকক লগ পাইছিলোঁ…তেওঁলোকে মোক কৈছিল যে ‘ছাৰ, আপুনি বৰ ভাগ্যৱান…আপুনি সঠিক সময়ত পাকিস্তান এৰি থৈ গৈছিল…আমিও আমাৰ নাগৰিকত্ব সলনি কৰিব বিচাৰো…আমি আমাৰ সেনাবাহিনীক ঘৃণা কৰো…আমাৰ দেশখন নষ্ট কৰি পেলাইছে!!’ মই উত্তৰ দিলোঁ, ‘সেই কথা মই ইতিমধ্যে জানিছিলোঁ!’”
আদনান ছামিৰ এই টুইটটোৱে পাকিস্তানী ব্যৱহাৰকাৰীসকলক ক্ষুব্ধ কৰি তুলিছে।তাৰ পিছতে তেওঁলোকে আদনানক বিশ্বাসঘাতক বুলি অভিহিত কৰিছিল। সকলোৱে তেওঁক কাপুৰুষ আৰু ‘দেশদ্ৰোহী’ বুলি কৈছে।