অশান্তজৰ্জৰ মণিপুৰত এডিজি বিএছএফ ইষ্টাৰ্ণ কমাণ্ডৰ
কলকাতাৰ বি এছ এফ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) আই পি এছ মহেশ কুমাৰ আগৰৱালে দুদিনীয়া মণিপুৰ ভ্ৰমণ কৰে।
এই ভ্ৰমণৰ সময়ছোৱাত ৰাজ্যখনৰ প্ৰচলিত নিৰাপত্তা পৰিস্থিতিৰ মূল্যায়নৰ বাবে আৰু হিংসা প্ৰভাৱিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত নিয়োজিত বি এছ এফ কয়ৰ কাৰ্যকৰী প্ৰস্তুতি পৰ্যালোচনা কৰে।
১ আগষ্টত এডিজি বিএছএফ গৰাকীয়ে ইম্ফলৰ তুলিহল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় আৰু তাত তেওঁক শ্ৰীৰবি কান্ত, আই পি এছ, আই জি, বি এছ এফ এম এণ্ড চি ফ্ৰন্টিয়াৰ আৰু বি এছ এফৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়।
পিছত তেওঁ আই জি বি এছ এফৰ সৈতে ৰাজ্যখনৰ মাননীয় ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰে।ইয়াৰ পিছতে তেওঁ নিৰাপত্তা উপদেষ্টা কুলদীপ সিং আৰু ডিজিপি মণিপুৰৰ আই পি এছ ৰাজীৱ সিঙকো সাক্ষাৎ কৰে।
তদুপৰি দিনৰ ভাগত এডিজি গৰাকীয়ে ৰাজ্যখনৰ থৌবাল জিলাৰ বিএছএফৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি জিলাখনৰ বিভিন্ন স্থানত নিয়োজিত কামাণ্ডাৰ আৰু সৈন্যৰ সৈতে মত বিনিময় কৰে।
২ আগষ্ট তাৰিখে, এডিজি বিএছএগৰাকীয়ে অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ বিভিন্ন বিএছএফ স্থান পৰিদৰ্শন কৰে।
এডিজিৰ ছ্ৰুচন্দপুৰ ভ্ৰমণৰ সময়ত তেওঁ এছটিচি চুৰাচান্দপুৰতো উপস্থিত হৈ সৈনিক সন্মিলন অনুষ্ঠিত কৰে য’ত তেওঁ উপলব্ধ বিষয়া আৰু সৈন্যক সম্বোধন কৰে।
মহেশ কুমাৰ আগৰৱালা, আই পি এছ, এ ডি জি বি এছ এফৰ সৈতে বিষয়া আৰু সৈন্য আৰু তেওঁলোকক নিজৰ নিৰ্ধাৰিত কামবোৰ অতি নিষ্ঠাৰে কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আৰু ৰাজ্যখনৰ আইন আৰু শৃংখলাৰ পৰিস্থিতি বজাই ৰখাৰ দিশত পেছাদাৰিত্ব গ্ৰহণ কৰাৰ দৰে বিষয়ৰ ওপৰত মত বিনিময় কৰে। দুদিনীয়া ভ্ৰমণসূচী সামৰি তেওঁ ৩ আগষ্টত কলকাতালৈ ৰাওনা হয়।
লগতে পঢ়ক: ভাৰতক মৃত অৰ্থনীতি বুলি অভিহিত ট্ৰাম্পৰ… কঠোৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ