আছিফ খানৰ ডাঙৰ সিদ্ধান্ত
ৱেব ছিৰিজ ‘পাতল লোক’ আৰু ‘পঞ্চায়ত’ৰ বাবে বিখ্যাত অভিনেতা আছিফ খানক যোৱা মাহত মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰা হৈছিল।
ইয়াৰ পূৰ্বে আছিফ খানৰ হাৰ্ট এটেক হোৱা বুলি খবৰ ওলাইছিল, কিন্তু পিছত তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স হৈছে, য’ত হাৰ্ট এটেকৰ দৰে লক্ষণ দেখা গৈছিল।
এতিয়া প্ৰায় তিনি সপ্তাহৰ পিছত আছিফে ক’লে যে, তেওঁ ধূমপান এৰিছে আৰু ২১ দিন ধৰি তেওঁ চিগাৰেট খোৱা নাই।
তেওঁ হস্পিতালৰ কিছু ছবিও শ্বেয়াৰ কৰিছে, যাৰ বাবে অনুৰাগীসকলে প্ৰশ্ন কৰিছিল যে তেওঁ এতিয়াও ভৰ্তি হৈ আছে নেকি?
অৱশ্যে তেওঁ ঘৰলৈ উভতি অহাৰ কথা প্ৰকাশ কৰিছে আৰু তেওঁৰ স্বাস্থ্যৰ আপডেট দি তেওঁ কয় যে এতিয়া তেওঁৰ অৱস্থা বহু উন্নত হৈছে আৰু তেওঁৰ স্বাস্থ্য আগতকৈ ভাল হৈছে।
চিকিৎসালয়ৰ ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে যে, মানুহে কয় যে ২১ দিনত প্ৰতিটো ভাল বেয়া অভ্যাস এৰিব পাৰি। আজি মই ধূমপান এৰা ২১ দিন হ’ল।
আজি বন্ধুত্বৰ দিন গতিকে ভাবিলোঁ…আজিতকৈ ভাল দিন কি হ’ব পাৰে যে মই মোৰ বন্ধু-বান্ধৱীসকলক কিমান ভাল পাওঁ সেই কথা ক’বলৈ আৰু লগতে আপোনালোকক কওঁ যে জীৱনত উত্থান-পতন আছে আৰু উত্থান-পতনত মোৰ কাষত থিয় দিয়া সকলোকে বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালোঁ।
তেওঁ পোষ্টটোৰ জৰিয়তে সকলোকে আহ্বান জনাইছে যে আপোনাৰ ভুলবোৰ উপলব্ধি কৰিবলৈ বা আপোনাৰ প্ৰকৃত বন্ধুক চিনি পাবলৈ চিকিৎসালয়ত ভৰ্তি হোৱালৈকে অপেক্ষা নকৰিব।
‘বন্ধুক প্ৰতিদিনে লগ পাওক, কিন্তু ২০-৩০ টকীয়া বস্তুৰে জীৱনৰ দৰদাম নকৰিবা!!! হয়তো এইবোৰ পঢ়ি পিছত হাঁহিম।’
লগতে পঢ়ক: ৩৩ বছৰীয়া কেৰিয়াৰত প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় বঁটা লাভ শ্বাহৰুখ খানৰ…