বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানক অতি সোনকালে দেখা যাব ‘সিতাৰে জমীন পাৰ’ নামৰ ছবিখনত ।২০ জুনত ছবিঘৰত মুক্তিৰ বাবে সাজু হৈছে সিতাৰে জমীন পৰ।
কিন্তু ইয়াৰ বাহিৰেও আমিৰৰ আন এটা প্ৰজেক্ট আছে।সেইটো হৈছে ‘মহাভাৰত’।যোৱা কেইমাহমানৰ পৰা আমিৰে তেওঁৰ এই প্ৰকল্পটোৰ সন্দৰ্ভত শিৰোনাম দখল কৰি আহিছে।
শেহতীয়াকৈ এটা ব্যক্তিগত ৱেবছাইটত দিয়া সাক্ষাৎকাৰত আমিৰে এই প্ৰকল্পৰ বিষয়ে মুকলিকৈ কয়।
‘মহাভাৰত’ ছবিখন নিৰ্মাণৰ সন্দৰ্ভত আমিৰে কয় যে ‘এয়া তেওঁৰ সপোনৰ প্ৰজেক্ট। আমিৰ খানে কৈছে যে, ‘মহাভাৰত’ বনোৱাটো মোৰ সপোন। এই সপোনটো অলপ কঠিন, কিন্তু মই ইয়াক সম্পূৰ্ণ কৰিব বিচাৰো’।
‘মহাভাৰতে’ কাকো নিৰাশ নকৰে। ২০ জুনত সিতাৰে জমীন পৰ মুক্তি পাব। তাৰ পিছতেই মই ‘মহাভাৰত’ৰ কাম আৰম্ভ কৰিম।চেষ্টা কৰি আছো, কাৰণ এইটো ডাঙৰ প্ৰজেক্ট। ইয়াৰ বাহিৰে মই আৰু একো ক’ব নোৱাৰো’।
‘মহাভাৰত’ত আমিৰ খানৰ চৰিত্ৰটোৰ বিষয়ে সোধাত অভিনেতাগৰাকীয়ে কয় যে ‘যদি মই ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰটো পাওঁ, তেতিয়া মই কৰিম, কাৰণ মই তেওঁৰ পৰা যথেষ্ট প্ৰেৰণা পাওঁ। মই এই ভূমিকাটো ভাল পাওঁ’।