মেষ ৰাশি- মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, শুভ সংবাদ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু নতুন কিবা এটা কৰাৰ বাবে আগ্ৰহ বাঢ়িব। আপোনাৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু কাগজ-পত্ৰ সুৰক্ষিতভাৱে ৰাখক। ব্যৱসায়ত চলি থকা সমস্যাবোৰ কাৰোবাৰ নিৰ্দেশনাত সমাধান হ’ব।
বৃষ ৰাশি-বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ কৰিব।ভ্ৰমণৰ যোগ আছে। বাহন ক্ৰয়ৰ সম্ভাৱনা।আজি কোনো বিশেষ দায়িত্ব লাভ কৰিব। সম্পত্তিৰ ক্ষেত্ৰত থকা বাধা আঁতৰিব। কৃষি ক্ষেত্ৰত সতীৰ্থৰ পৰা সহায় পাব পাৰে।যিকোনো বাকী থকা কামৰ সমাধান হোৱাৰ লগে লগে মনটো শান্ত আৰু সুখী হৈ থাকিব।অত্যধিক খৰচে অসুবিধাৰ সৃষ্টি কৰিব পাৰে।
মিথুন ৰাশি- সমাজহিতৈষী আৰু ধৰ্মপ্ৰাণ চিন্তা মজুত থাকিব। আনক গালি নাপাৰিব । দূৰ ঠাইলৈ বদলিৰ যোগ। কোনো গুৰুত্বপূৰ্ণ কথা ৰাজহুৱা নকৰিব।আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সঠিক সময়ত সম্পূৰ্ণ হ’ব। নিজৰ ধন অপচয় নকৰিব। বৈবাহিক সম্পৰ্ক ভাল হব। প্ৰেম জীৱনৰ কিছুমান ভাল মুহূৰ্ত উপভোগ কৰাৰ সুযোগ পাব আৰু সম্পৰ্কবোৰো ঘনিষ্ঠ হৈ পৰিব।
কৰ্কট ৰাশি- গুৰুত্বপূৰ্ণ কাম নিষ্ঠাৰে কৰিব পাৰিব ।প্ৰদূষণ আৰু পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। অন্যথা জ্বৰ ,চৰ্দী হোৱাৰ সম্ভাৱনা আছে। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। বিনিয়োগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰিকল্পনাও সফল হ’ব। অনুশাসিত আচৰণ বজাই ৰখা। হঠাতে কিছু খৰচৰ সৃষ্টি হ’ব যিবোৰ কৰ্তন কৰাটো কঠিন হ’ব। ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ’ব।
সিংহ ৰাশি- পৰিকল্পনা কাৰ্যকৰী হোৱাৰ পথত।দিনটো বিশেষভাৱে ফলপ্ৰসূ হ’বলৈ গৈ আছে। পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ’ব। মনোৰঞ্জনমূলক কাম-কাজতো আপুনি সুখদায়ক সময় কটাব। যিকোনো ব্যক্তিগত সমস্যাই আপোনাৰ টোপনি আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক। ঘৰুৱা বিষয়ত খৰচ সামান্য বৃদ্ধি হ’ব পাৰে।
কন্যা ৰাশি- যিকোনো কামত হঠাতে কাকো প্ৰতিশ্ৰুতি নিদিব সহজে কাকো বিশ্বাসত নল’ব অন্যথা বিশ্বাসঘাটকতা কৰিব পাৰে। পৰিয়ালৰ সৈতে শান্তি আৰু মনোৰঞ্জনত এক সুন্দৰ সময় কটাব। কেতিয়াবা পৰিস্থিতি আপোনাৰ ইচ্ছাৰ বিপৰীত হ’ব পাৰে। বিপদজনক কামৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত কিছু সমস্যা আৰু বিঘিনি ঘটিব। যত্ন আৰু কঠোৰ পৰিশ্ৰমেৰে প্ৰয়োজন অনুসৰি কাম কৰিব পাৰিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ ওপৰত অতিৰিক্ত কৰ্তব্য আৰোপ কৰা হ’ব পাৰে। স্বামী-স্ত্ৰীৰ মাজত ভাল সম্পৰ্ক থাকিব।
তুলা ৰাশি- কামত আত্মসন্তুষ্টিৰ সুযোগ পাব। আজি আমিষ খাদ্য নাখাব। জণ্ডিচ , পিত্ত ৰোগত ভুগিব পাৰে। পৰকীয়া প্ৰেমত মানহানি। চাকৰিত অপমান পাব পাৰে। কাৰ্যক্ষেত্ৰত অধিক পৰিশ্ৰম হোৱাৰ সম্ভাৱনা। ঘৰ বা ব্যৱসায়িক ক্ষেত্ৰত গুৰুত্ব দিব। চাকৰিৰ স্থান পৰিবৰ্তনৰ সম্ভাৱনা। ঘৰলৈ আলহীৰ সমাগম হ’ব পাৰে।
বৃশ্চিক ৰাশি- কৰ্মত বলিষ্ঠ সংযোগ। আনৰ সম্পত্তিৰ প্ৰতি লোভ নকৰিব। বাকী থকা কিছু কাম সম্পূৰ্ণ হ’ব। সৰু সৰু কথাত পাৰস্পৰিক মতানৈক্য হ’ব পাৰে । অভিজ্ঞ ব্যক্তিৰ সহায়ত সমস্যা সমাধানৰ চেষ্টা কৰক।উচ্চ পদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব । কোনো কামত ঘৰৰ পৰা আঁতৰত যাব পাৰে। গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আনক নিদিব। যাত্ৰা ভালদৰে কৰিব। আত্মবিশ্বাস বৃদ্ধি পাব।
ধনু ৰাশি- সামাজিক-ৰাজনৈতিক স্থিতি উন্নত। আজি কাৰোবাক যদি ধাৰলৈ পইচা দিয়ে তেন্তে তাক ঘূৰাই নাপাবও পাৰে। জুইৰপৰা সাৱধান হ’ব। আপোনাৰ ব্যক্তিগত জীৱনত আনক হস্তক্ষেপ কৰিবলৈ নিদিব। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। যদি আপুনি ক’ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সময় অনুকূল।কামত অধিক ব্যস্ত থাকিব। চাকিৰৰ গুৰুত্বপূৰ্ণ পদৰ পৰা আঁতৰাব পাৰে। সহকৰ্মীয়ে সহায় কৰিব। কষ্ট কৰিলে ভাল ফল লাভ কৰিব। বিবাদৰ পৰা আঁতৰি থাকিব।
মকৰ ৰাশি- মনৰ পৰা অৱসাদ ভাৱ আঁতৰিব। আনক বেছি উপদেশ দিবলৈ নাযাব, সন্মান হানী হ’ব পাৰে। খং কমাওক তেতিয়াহে সমস্যাৰ সমাধান পাব। কাৰ্যক্ষেত্ৰত বাধা আহিব পাৰে। ধৈৰ্য ধৰি কাম কৰিব। নতুন বাণিজ্য আৰম্ভ কৰিব পাৰে। পৰীক্ষাত সফলতা লাভ কৰিব। ৰৈ যোৱা কাম পূৰ্ণ হোৱাৰ সম্ভাৱনা। পুৰণি বন্ধুক লগ পাব পাৰে। দিনটো ঠিকে যাব।প্ৰেমৰ লগত জড়িত হৈ নিজৰ কেৰিয়াৰৰ ক্ষতি কৰিব নালাগে।
কুম্ভ ৰাশি- কামৰ পৰিসৰ বৃদ্ধি পাব। অযথা খৰচ হ’ব পাৰে। মাটি-বাৰীৰ সংযোগ ঘটিব। হতাশা আতৰিব । সফলতা পাবৰ বাবে জখলা বগাবলৈ চেষ্টা নকৰিব। আজি দিনটো নিৰামিষ খাদ্য খাব। কোনো বিশেষ কামৰ সুযোগ আহিব পাৰে।অবিবাহিত লোকৰ বাবে এটা ভাল সম্পৰ্কৰ প্ৰস্তাৱ আহিব পাৰে। কামৰ দক্ষতা বৃদ্ধি কৰক। আপুনি কিছু ভয় বা অস্থিৰতা অনুভৱ কৰিব । আনৰ কথাত শক্তি নষ্ট নকৰিব।প্ৰলোভনৰ পৰা দূৰত থাকিব। আৰ্থিক দিশটো ভাল। ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। ব্যৱসায়ত ভাল।
মীন ৰাশি- সকলো সময়তে নিজক সংযত কৰক। বেলেগৰ কথাত সোমাবলৈ গ’লে মানহানী হোৱাৰ সম্ভাৱনা আছে। গুপুত কথা সদৰি নকৰিব। পাৰিবাৰিক বিষয়ৰ লগত জড়িত খৰচ অব্যাহত থাকিব । গতিকে আপোনাৰ বাজেট অনুসৰি খৰচ কৰিবলৈ চেষ্টা কৰক। কৰ্মক্ষমতা বৃদ্ধি পাব আৰু প্ৰগতিৰ শুভ সুযোগ উদয় হ’ব।কাৰোবাৰ লগত সংঘাত হোৱাৰ সম্ভাৱনা।সন্তানৰ পৰা ভাল খবৰ পাব পাৰে।