দাঁত কেইটা হৈছে সকলো লোকৰে সৌন্দৰ্যৰ প্ৰতিক। হাঁহিলে যদি দাঁতৰ হালধীয়া ৰঙটো ওলাই যায় তেনেহলে স্বাভাৱিকতে লাজ পোৱা যায়।বহুসময়ত দাঁতৰ হালধীয়া ৰঙৰ বাবে মানুহ অসুবিধাত পৰে। তামোল বা গুটখা খাই বহু লোকৰ দাঁতত দাগ ধৰে।বহু লোকে দাঁতৰ এই হালধীয়া ৰং গুচাবলৈ চিকিৎসকৰ ওচৰলৈ যায়। কিন্তু ঘৰুৱা উপায়েৰেও আপুনি পৰিষ্কাৰ কৰিব পাৰিব দাঁত।
হালধীয়া দাঁত বগা কৰাৰ ঘৰুৱা প্ৰতিকাৰ—
বেকিং চডা- দাঁত হালধীয়া ৰং আঁতৰাবলৈ, আপুনি বেকিং চডা আৰু হাইড্ৰজেন পেৰোক্সাইডৰ পেষ্ট বনাই ইয়াক দাঁতত প্ৰয়োগ কৰিব পাৰে।
এই পেষ্টটো তৈয়াৰ কৰিবলৈ, এক চামুচ বেকিং চডা আৰু ২ চাহ চামুচ হাইড্ৰজেন পেৰোক্সাইড একেলগে মিহলি কৰক। এই পেষ্টটো ব্ৰাছত লগাই দাঁতবোৰ পৰিষ্কাৰ কৰক। অৱশ্যে, ইয়াক ব্যৱহাৰ কৰাৰ আগতে, এবাৰ বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।
কলৰ বাকলি- কলৰ বাকলিৰ বগা ফালটোৰে নিয়মিয়াকৈ দাঁত পৰিষ্কাৰ কৰক।
তাৰ পিছত কুহুমিয়া পানীয়ে মুখখন ধুই লওক। এনে কৰিলে সোনকালে দাঁতৰ হালধীয়া ৰং নোহোৱা হয়।
তুলসী পাত- তুলসী পাত দাঁতৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী। কেইটামান তুলসী পাত ছিঙি তাক ৰ’দত শুকাবলৈ দিয়ক।
যেতিয়া পাতখিনি শুকাই যাব, তেতিয়া টুথপেষ্টৰ সৈতে মিহলাই নিয়মিত ৰূপে ব্ৰাছ কৰক। এনে কৰিলে দাঁতৰ হালধীয়া ৰং নোহোৱা হোৱাৰ লগতে দাঁতৰ বিভিন্ন ৰোগৰ পৰাও ৰক্ষা কৰিব।