প্ৰতিগৰাকী পিতৃ-মাতৃৰ বাবেই তেওঁলোকৰ সন্তান সকলোতকৈ শ্ৰেষ্ঠ। কিন্তু গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙীত এজন জন্মদাতা পিতৃয়ে হত্যা কৰিলে ৭ বছৰীয়া পুত্ৰক।
জানিব পৰা মতে পত্নী ঘৰত নথকাৰ সুযোগ লৈ পিতৃ মৃগাংক শইকীয়াই শোৱাপাটিতে গাৰুৱে হেঁচি হত্যা কৰিলে পুত্ৰক। পত্নী ঘৰত উপস্থিত হৈ পুত্ৰক হত্যা কৰাৰ কথা জানিব পাৰে।
সেই সময়তে ঘৰৰ পৰা স্কুটিলৈ পলায়ন কৰে হত্যাকাৰী পিতৃ মৃগাংকই। ইতিমধ্যে ঘটনা স্থলীত গহপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।কিন্তু কি কাৰনে নিজ পিতৃয়ে এই হত্যাকাণ্ডটো সংঘটিতত কৰিলে এতিয়ালৈকে পোহৰলৈ অহা নাই ।