আজি ষট পূজাৰ তৃতীয় দিন। দিনটোৰ কাম কাজৰ পিছত, সন্ধিয়া ষট পূজাত অস্ত যোৱা সূৰ্যক অৰ্ঘ প্ৰদান কৰা হয়। এই দিনটোত, ভগৱান সূৰ্য আৰু ষঠী মাক যথাযথভাৱে উপাসনা কৰা হয়।তাৰ পিছত সূৰ্য দেৱতাক পৰম্পৰা অনুসৰি অৰ্ঘ প্ৰদান কৰা হয়।
কোৱা হয় যে এই দিনটোত সূৰ্য দেৱতাক উপাসনা কৰিলে সন্তান প্ৰাপ্তিৰ লগতে সুখ সমৃদ্ধিৰ বৰদান লাভ কৰে। জানো আহক ষট পূজাৰ বিধি…
ষট পূজাৰ তৃতীয় দিনাৰ পূজাক সন্ধ্যা অৰ্ঘ বুলিও কোৱা হয়।চ’ত বা কাতি মাহৰ শুক্লা পক্ষৰ ষষ্ঠী তিথিৰ দিনা এই পূজা সম্পন্ন কৰা হয়। এই দিনটোত, পুৱাৰে পৰা ঘৰে ঘৰে অৰ্ঘৰ প্ৰস্তুতি আৰম্ভ হয়। পূজাৰ বাবে, লোকসকলে প্ৰসাদত থেকুৱা, পিঠাগুৰিৰ লাড়ু প্ৰস্তুত কৰে।ষট পূজাৰ বাবে বাঁহেৰে তৈয়াৰ কৰা এটা খৰাহি বা ডলাত পূজাৰ, ফল, ফুল আদি নৈবেদ্য ভালদৰে সজোৱা হয়। ইয়াত নাৰিকলৰ লগতে পাঁচ প্ৰকাৰৰ ফল থাকে।
সূৰ্যাস্তৰ পূৰ্বে, বিহাৰী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে নদীৰ পাৰত থকা ঘাটলৈ যায়।ঘাটলৈ যোৱাৰ সময়ত মহিলা সকলে ষট পূজাৰ গীত গাই যায়। ইয়াৰ পিছত, উপবাসে থকা মহিলাসকলে পানীৰ মাজলৈ গৈ সূৰ্য দেৱতাক প্ৰনাম কৰে আৰু অস্ত যোৱা সূৰ্যক অৰ্ঘ প্ৰদান কৰি পাঁচবাৰ পৰিক্ৰমা কৰে। অৰ্ঘ আগবঢ়োৱাৰ সময়ত, সূৰ্য দেৱতাক গাখীৰ আৰু পানী আগবঢ়োৱা হয়। তাৰ পিছত সকলো সামগ্ৰী লৈ লোকসকল ঘৰলৈ উভতি আহে। ঘাটৰ পৰা উভতি অহাৰ পিছত, তেওঁলোকে নিশা ষট মাতাৰ গীত গায়।
পৌৰাণিক বিশ্বাস অনুসৰি, সন্ধিয়া সময়ত সূৰ্য তেওঁৰ পত্নী প্ৰত্যুষাৰ সৈতে থাকে। সেয়ে ষট পূজাৰ দিনা সন্ধিয়াৰ সময়ত সূৰ্যৰ শেষ কিৰণৰ সৈতে প্ৰত্যুষাৰ অৰ্ঘ দি তেওঁক উপাসনা কৰা হয়। লোক বিশ্বাস অনুসৰি অস্ত যোৱা সূৰ্য্যক অৰ্ঘ্য প্ৰদান কৰিলে বহুতো সমস্যাৰ পৰা সকাহ পাব পাৰি। ইয়াৰ উপৰিও, স্বাস্থ্যসম্পৰ্কীয় বহুতো সমস্যাও দূৰ হয়।