ভিটামিন ডি এবিধ অপৰিহাৰ্য পুষ্টিকৰ উপাদান, যিটো আমাৰ হাড়ৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ । ই শৰীৰত থকা কেলচিয়াম আৰু ফছফৰাছ শোষণত সহায় কৰে, যাৰ ফলত হাড়বোৰ মজবুত হৈ থাকে । শিশু, বৃদ্ধ, আৰু ক’লা ছালৰ লোকৰ লগতে বৃক্ক বা যকৃতৰ ৰোগ, ক্ৰ’ন’ছ ডিজিজ, চিষ্টিক ফাইব্ৰ’ছিছ, চিলিয়াক ডিজিজ থকা লোকৰ ঠাণ্ডাৰ সময়ত ইয়াৰ অভাৱত ভোগাৰ আশংকা থাকে ।
যদিও ভিটামিন ডিৰ প্ৰধান উৎস হ’ল সূৰ্যৰ পোহৰ, কিছুমান খাদ্যতো ইয়াক প্ৰচুৰ পৰিমাণে পোৱা যায় । সাধাৰণতে এই ভিটামিন দুগ্ধজাত সামগ্ৰী আৰু মাছত পোৱা যায় । কিন্তু, যদি আপুনি নিৰামিষভোজী তেন্তে এই খাদ্যসমূহ আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে-
ভিটামিন ডিৰ অভাৱৰ লক্ষণ-
-পেশীৰ দুৰ্বলতা বা ক্ৰেম্প
-হাড়ৰ বিষ
-ভাগৰুৱা অনুভৱ কৰা
-উদাস হোৱা
-চিৰি বগাবলৈ বা মজিয়াৰ পৰা উঠিবলৈ অসুবিধা
কাঠফুলা/মাশ্বৰুম-
বিশেষকৈ সূৰ্যৰ পোহৰত শুকুৱাই ল’লে মাশ্বৰুম ভিটামিন ডিৰ এক উৎকৃষ্ট উৎস । ইয়াত প্ৰচুৰ পৰিমাণে D2 (ergocalciferol) থাকে, যিটো হাড়ৰ স্বাস্থ্যৰ বাবে উপকাৰী । চালাড, চুপ বা শাক-পাচলিত ইয়াক অন্তৰ্ভুক্ত কৰিব পাৰে ।
পালেং-
পালেং আন এক পুষ্টিকৰ শাক, য’ত ভিটামিন ডি থাকে । ইয়াৰ উপৰিও ইয়াত আইৰণ আৰু কেলচিয়ামৰ দৰে আন গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে । পালেং কেঁচাকৈ চালাডৰ ৰূপতো খাব পাৰি ।
কমলা-
কমলা ভিটামিন চিৰ বাবে বিখ্যাত যদিও ইয়াত ভিটামিন ডিও থাকে । কমলাৰ ৰস খালে কেৱল ভিটামিন ডি পোৱাই নহয়, ই শৰীৰক হাইড্ৰেট কৰি ৰখাতো সহায় কৰে ।
ব্ৰকলি-
ব্ৰকলি হৈছে ক্ৰুচিফেৰাছ পাচলি, য’ত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে । ইয়াৰ উপৰিও ইয়াত আঁহ আৰু অন্যান্য এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। ব্ৰকলি ভাপত দি বা চালাডত দি খাব পাৰি ।
কণী-
কণী খালে ভিটামিন ডিৰ অভাৱ হোৱাৰ সম্ভাৱনা কম হয় । গৱেষণাৰ পৰা দেখা গৈছে যে গড়ে ২টা কণী খালে ৮.২mcg ভিটামিন ডি পোৱা যায় ।