ঝাৰখণ্ড বিধানসভা নিৰ্বাচন ২০২৪ৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গড়ৱাত এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰী মোডীয়ে ঝাৰখণ্ডৰ গড়ৱাত লোকসকলক সম্বোধন কৰি কয় যে “আপোনালোকে কেইমাহমান আগতে দিল্লীত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপি-এন ডি এ চৰকাৰ গঠন কৰিছিল। এতিয়া ঝাৰখণ্ডত বিধানসভা নিৰ্বাচন আছে, আমি সকলোৱে ইয়াত বিজেপি-এনডিএৰ নেতৃত্বত এখন দ্বৈত ইঞ্জিন চৰকাৰ গঠন কৰিব লাগিব”।প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে “ঝাৰখণ্ডৰ সুবিধা, নিৰাপত্তা, স্থিৰতা আৰু সমৃদ্ধিৰ নিশ্চয়তাৰে বিজেপিয়ে নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছে। মই ঝাৰখণ্ড বিজেপিক অভিনন্দন জনাইছো যে কালি ঝাৰখণ্ড বিজেপিয়ে এখন উৎকৃষ্ট সংকল্প পত্ৰ প্ৰকাশ কৰিছে। এই সকল্প পত্ৰখন ৰুটী-বেটি-মাটিৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে সমৰ্পিত”।তেওঁ লগতে কয় যে এইবাৰৰ বিধানসভা নিৰ্বাচনত বিৰোধীৰ প্ৰস্থান নিশ্চিত”। তেওঁ আৰু কয় “জেএমএম মিত্ৰজোঁট চৰকাৰে ৰাইজৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। আপোনালোকে জেএমএম-কংগ্ৰেছ চৰকাৰক সুধিব লাগে যে ৰাজ্যখনত আবুয়া আৱাস আঁচনিৰ কি হ’ল। লোকসভা নিৰ্বাচনৰ সময়ত, মই সমগ্ৰ দেশতে ৩ কোটি নতুন ঘৰ নিৰ্মাণৰ নিশ্চয়তা দিছিলো। এতিয়া বিজেপি ঝাৰখণ্ডেও ২১ লাখ নতুন ঘৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছে। প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ এটা ঘৰ থাকিব লাগে, এয়া বিজেপিৰ গেৰাণ্টি” । প্ৰধানমন্ত্ৰী মোডীয়ে অনুপ্ৰৱেশকাৰীৰ কথা উল্লেখ কৰি কয় যে “জেএমএম-কংগ্ৰেছ-আৰজেডিয়ে তোষণৰ নীতিক চৰম পৰ্যায়লৈ লৈ গৈছে। এই তিনিটা দলে সামাজিক গাঁথনি ভাঙিবলৈ আগ্ৰহী, এই তিনিটা দল অনুপ্ৰৱেশকাৰী। বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলৰ ভোট পাবলৈ, তেওঁলোকে সমগ্ৰ ঝাৰখণ্ডত এই অনুপ্ৰৱেশকাৰীসকলক বসতি স্থাপন কৰিছে”।