মেষ ৰাশি- নিজ শক্তিৰে আনক পৰাভূত কৰিব পাৰিব। সংকট আঁতৰিব। আজিৰ দিনটোত আপোনাৰ মানসিক আৰু শাৰীৰিক অৱস্থা উন্নতিৰ দিশে যাব, বিশেষকৈ যদি সমস্যা অন্যৰ সৈতে ভাগ-বতৰা কৰে। অৰ্থনৈতিকভাৱে লাভবান হোৱাৰ সম্ভাৱনা আছে; যদি আগতে পইচা ধাৰ দিছিল, আজি ঘূৰাই পাব পাৰে। পৰিয়ালৰ সহায় আৰু সমৰ্থন আজিৰ বিশেষ মহত্বৰ স্থানত আছে। প্রেমত সফল হোৱাৰ বাবে বাস্তৱিক পদক্ষেপ লোৱাটো যথাযথ হব। কৰ্মক্ষেত্ৰত চিনাকি মহিলা সহকৰ্মীৰ পৰা সহায়ৰ সুযোগ আহিব পাৰে। বতৰ সুকীয়া থাকিলেও বিচনাৰ পৰা উঠি সময়ৰ সদব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। বৈবাহিক জীৱন আজি আপোনাৰ সুখ আৰু সৌভাগ্যৰ মুলা হব।
বৃষ ৰাশি- আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব । আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব । আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ আছে বাবে আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব পাৰিব, যি আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব । ঘৰত আৰু কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে ।আপোনাৰ স্বাস্থ্যই, বিশেষকৈ আপোনাৰ চকুৱে আপোনাক কষ্ট দিব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আজি অপ্ৰীতিকৰ হৈ উঠিব পাৰে । অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক । আপোনাৰ আজি আয়ৰ তুলনাত ব্যয় অধিক হ’ব । দুশ্চিন্তাত বৃদ্ধি পাব পাৰে । কাজিয়া বিবাদত লিপ্ত নহ’ব । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে তাৰ ফল পাব
মিথুন ৰাশি- আপোনাৰ মুড সলনি কৰিবৰ বাবে সামাজিক মিলা প্ৰীতিৰ সহায় লওক। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে এই বিশয়ত গুৰুত্ব দিব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব , আপোনাৰ প্ৰেমৰ আমেজ লওক। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাৱি ভুল নকৰিব। নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। বৈবাহিক জীৱনৰ ভেঁটি হল প্ৰেম আৰু ভাল খাদ্য ,আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব।
কৰ্কট ৰাশি- আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্বক গৰিমাময়ভাৱে উপস্থাপন কৰিব, যি সকলোকে আকৰ্ষিত কৰিব। লম্বা সময়ৰ লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ডত নিৱেশ কৰি সুৰক্ষিত অনুভৱ কৰিব পাৰে। নতুন বন্ধুত্ব আৰু সম্বন্ধ লাভদায়ক হব আৰু দীঘলীয়া সময়ৰ বাবেও টিকি থাকিব। গছ ৰোপন কৰাৰ মাধ্যমেৰে পৰিৱেশৰ সৈতে যোগ স্থাপন কৰক। কৰ্মক্ষেত্ৰত পৰিস্থিতি আপোনাৰ পক্ষে থাকিব, যাৰ ফলত উৎসাহিত অনুভৱ কৰিব। জীৱনসংগীক সঁচা প্ৰেমৰ আৱেগৰে চাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিব—আজি সময় উলিয়াই তেখেতৰ সৈতে কটাব। অৱশ্যে ব্যস্ততাৰ বাবে জীৱনসংগীয়ে হয়তো নিজকে আপোনাৰ জীৱনত অধুনাত্বহীন বুলিও ভাবিব।
সিংহ ৰাশি-সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কেতিয়াও আত্মবিশ্বাসৰ অভাৱ অনুভৱ নকৰে ৷ পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদিৰ যোগ আছে । আজিৰ দিনটোক উপভোগ কৰক! আইনী কাগজপত্ৰ তৈয়াৰ কৰাৰ কাম বা কোনো আমোলাতান্ত্ৰিক কাম শেষ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। কামত অনুপ্ৰেৰণা পাব। শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে।য’তে ত‘তে ধন সঞ্চয় নকৰিব।
কন্যা ৰাশি- শাৰীৰিক শক্তি বৃদ্ধি পাব। আনৰ সংসাৰত জুই নলগাব। শত্ৰু পদানত হ’ব। আনে আপোনাক অনুসৰণ কৰিব। পদোন্নতিৰ যোগ। কীটনাশক দ্ৰব্যৰ পৰা সাৱধানে থাকিব। ধ্যান কৰাৰ কাৰণে আজি আপুনি সাগৰৰ পাৰত বা নদীৰ পাৰত যোৱাৰ কথা ভাবিব পাৰে । ধন সংগ্ৰহ, বন্ধুৰ সৈতে সাক্ষাৎ আৰু শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল । প্ৰেমত শুভ ৷ আৰ্থিক অৱস্থাৰ অধিক অৱনতি নহ’ব । নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক ৷ স্বামীয়ে স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ সৈতে কথা পতাৰ সময়ত কাজিয়া-বিবাদ এৰাই চলিব আৰু এনেকুৱা কোনো কথা কোৱাৰ পৰা বিৰত থাকক, যিবোৰ মনত আঘাত দিব পাৰে । সহকৰ্মীৰ দ্বাৰী উপকৃত হ’ব পাৰে ।
তুলা ৰাশি-বৌদ্ধিক উৎকৰ্ষ সাধন। শক্তিপীঠত বেল বা অপৰাজিতাৰ গছ ৰোপণ কৰক। অভিনয়ত দক্ষতা বৃদ্ধি পাব। ধন লাভ কৰিব। আজি আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে । আপুনি বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা ভাবি আছে, আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন । বিদেশত যোৱাৰ কথা যিসকলে ভাবি আছে, তেওঁলোকৰ বাবে সময়টো অনুকূল । বিদেশত বাস কৰা প্ৰিয়লোকৰ পৰা সু-সংবাদ পাব পাৰে । আজি আপোনাৰ ভাই বা ভনীয়ে বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰিব । আৰ্থিক দিশত সকলো বৰ ভালেই থাকিব ।
বৃশ্চিক ৰাশি- মনৰ পৰা সংশয় আঁতৰিব। অসবৰ্ণ বিবাদৰ যোগ । খাদ্য, বস্ত্ৰ, সামগ্ৰী ব্যৱসায়ত উন্নতি যোগ।খৰচৰ মাত্ৰ বৃদ্ধি হ’ব। পেটৰ অসুখ হ’ব পাৰে। গ্ৰহৰ অৱস্থান আজি ভাল নহয় । আজি আপুনি বহুত চিন্তাত থাকিব, ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে । প্ৰতিপক্ষ বা শত্ৰুৰ সৈতে তৰ্কত নোসোমাব । কৰ্মক্ষেত্ৰত কোনো উচ্চপদাধিকাৰী বিষয়াই কোনো বিষয়ক লৈ নিজৰ অসন্তোষ ব্যক্ত কৰিব পাৰে । প্ৰিয়জনৰ সৈতে সুন্দৰ সময় কটাব ।
ধনু ৰাশি-সাহস আৰু শক্তি বৃদ্ধি পাব। পুৰণি বহু স্মৃত্ মনলৈ আহিব। যিকোনো ঠাইত ধন বিনিয়োগ নকৰিব। ঘৰত বিবাহৰ কথা চলিব।সাংসাৰিক দিশত আজিৰ দিনটো বৰ ভাল । ঘৰৰ পৰিৱেশ আনন্দমুখৰ হৈ থাকিব, যি আপোনাৰ অধিক আনন্দ প্ৰদান কৰিব । স্বাস্থ্য উত্তম, আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব । কৰ্মক্ষেত্ৰত আৰু ক্ৰীড়াক্ষেত্ৰত আপুনি সম্পূৰ্ণ ইতিবাচক হৈ থাকিব । কৰ্মক্ষেত্ৰত দিনটো অনুকূল আৰু অফিচত আপুনি সকলো কামত উৎকৰ্ষ সাধন কৰিব, আৰু সহকৰ্মীসকলৰ পৰা সহযোগিতাও পাব । আৰ্থিক লাভৰ যোগ আছে ।
মকৰ ৰাশি- কৰ্মোন্নতি । আনৰ পদমৰ্যাদাত আঘাত নকৰিব। আনৰ পৰা কোনো কথাত আমনি পাব। শোৱা কোঠাত ভগা সামগ্ৰী নাৰাখিব। প্ৰতিবেশীৰ লগত মতানৈক্য হ’ব পাৰে। কৰ্মক্ষেত্ৰত সফলতা লাভ । গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত । দাম্পত্য সুখ আৰু শান্তিৰ প্ৰবল সম্ভাৱনা । বন্ধুসকলৰ সৈতে আনন্দ-ফুৰ্তি কৰাৰ বাবে সৰু-সুৰা ভ্ৰমণৰ যোগ আছে । আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’বই হ’ব । আপোনাৰ প্ৰতিযোগী আৰু শত্ৰুসকলে আপোনাৰ পৰা দূৰত থাকিব পাৰে । আপোনাৰ সফলতা নিশ্চিত ।
কুম্ভ ৰাশি- মনৰ পৰা উৎকণ্ঠা, ক্ষোভ আদি দূৰ হ’ব। বিদ্যাৰ্থী সকলৰ ব্যস্ততা বৃদ্ধি পাব। শিৱ মন্দিৰত ঘিউ, বেলপাত অপৰ্ণ কৰক। আজিৰ স্বাস্থ্য ভালে নাযাব পাৰে। চাকৰিয়ালৰ মধ্যম। কষ্ট কৰিলে বিদ্যাৰ্থী সকলে ভালফল লাভ কৰিব। ধনৰ লেনদেনত সতৰ্ক থকাই ভাল । আজি আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে ৷ আপুনি কষ্ট কৰিলেও আপোনাৰ কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব লাগিব ৷ চৰকাৰী কাম-কাজত সফলতা লাভ কৰিব ৷ মাজে মাজে পেটৰ বিষত ভুগিব পাৰে ৷
মীন ৰাশি- সহজে আনক বশ কৰিব পাৰিব। মানসিক সন্তষ্টি লাভ কৰিব। আনৰ স্বাধীনতাত হস্তক্ষেপ নকৰিব। হাতলৈ ধন আহিব। গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব ৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে ৷ মতধাৰা সলনি হ’ব ৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক ৷আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ’ব ৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক ৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক মৰ্যদা বৃদ্ধি হ’ব ৷