নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজত হোৱাই ৱাশ্বেৰে লজ্জাজনক পৰাজয়ৰ সন্মুখীন হৈছে টিম ইণ্ডিয়া । বেংগালুৰু আৰু পুনেত পৰাজয়ৰ পিছত এতিয়া মুম্বাই টেষ্টতো টিম ইণ্ডিয়াই লজ্জাজনক প্ৰদৰ্শন আগবঢ়াই, যাৰ ফলত এই মেচতো ভাৰত পৰাস্ত হয় আৰু কিৱি দলে শৃংখলাত ক্লীন ছুইপ কৰি ইতিহাস সৃষ্টি কৰে । ৱাংখেড়েত তৃতীয়খন মেচত জয়ী হ’বলৈ ভাৰতৰ সন্মুখত লক্ষ্য আছিল মাত্ৰ ১৪৭ ৰান । কিন্তু বোটিং ব্যৰ্থতাৰ বাবে এই লক্ষ্য অনুসৰণ কৰি ১২১ ৰানতে সীমাবদ্ধ থাকে ৰোহিত বাহিনী । ইয়াৰ পাছতে টেষ্ট ছিৰিজটোত ভাৰতৰ দুৰ্বল প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন কৰিছে শচীন টেণ্ডুলকাৰে ।
কি ক’লে শচীন টেণ্ডুলকাৰে ?
শচীন টেণ্ডুলকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘ঘৰুৱা খেলপথাৰত ৩-০ ব্যৱধানত পৰাস্ত হোৱাটো অতি কঠিন আৰু ইয়াৰ বাবে আত্মনিৰীক্ষণৰ প্ৰয়োজন ।’ উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে কোনো এটা দলে নিজৰ মাটিতে তিনিখনীয়া মেচৰ শৃংখলাত ভাৰতক হোৱাই ৱাশ্ব কৰে । একে সময়তে ইতিহাসত প্ৰথমবাৰৰ বাবে নিউজীলেণ্ডে ভাৰতলৈ আহি ভাৰতক ক্লীন ছুইপ কৰিবলৈ সক্ষম হয় ।
ডাঙৰ প্ৰশ্ন উত্থাপন কৰিলে-
টিম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন কৰিছে শচীন টেণ্ডুলকাৰে । তেওঁ পোষ্টটোত আৰু লিখিছে, ‘প্ৰস্তুতিৰ অভাৱ আছিল নেকি, শ্বটৰ নিৰ্বাচন বেয়া আছিল নে মেচৰ অনুশীলনৰ অভাৱ আছিল ?’ স্পষ্টভাৱে এই ছিৰিজত টিম ইণ্ডিয়াই কেনেদৰে বেটিং কৰিছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক । বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে প্ৰবীণ বেটছমেনে সমগ্ৰ শৃংখলাটোত ৰানৰ বাবে সংগ্ৰাম কৰা পৰিলক্ষিত হ’ল । টেষ্ট ছিৰিজটোত এনে বহু সময় দেখা গ’ল য’ত ভাৰতীয় বেটছমেন দুৰ্বল শ্বট বাছনি কৰাৰ বাবে আউট হৈছিল ।
শুভমন-পন্টক প্ৰশংসা কৰে-
টেণ্ডুলকাৰে শুভমন গীল আৰু ঋষভ পন্টৰ প্ৰশংসা কৰি কয়, “শুভমন গীলে প্ৰথম ইনিংছত নমনীয়তা দেখুৱাইছিল আৰু ঋষভ পন্টে দুয়োটা ইনিংছতে সুন্দৰ প্ৰদৰ্শন কৰিছিল । তেওঁৰ ফুটৱৰ্কে প্ৰত্যাহ্বানমূলক পিটছক সম্পূৰ্ণ বেলেগ কৰি তুলিছিল ।” ইফালে এই জয়ৰ কৃতিত্ব কিৱি বাহিনীক দি তেওঁ কয়, “সমগ্ৰ শৃংখলাটোত তেওঁলোকৰ ধাৰাবাহিক প্ৰদৰ্শনৰ বাবে নিউজিলেণ্ডে সম্পূৰ্ণ কৃতিত্ব লাভ কৰিছে । ভাৰতত ৩-০ ব্যৱধানত জয়লাভ কৰাটোৱেই সৰ্বোত্তম ফলাফল ।”