চাৰা আলী খানৰ পিছত, এইবাৰ কেদাৰনাথ আৰু বদ্ৰীনাথ ভ্ৰমণ অভিনেত্ৰী নুচৰত ভাৰুচাৰ।প্ৰথমবাৰৰ বাবে কেদাৰনাথ দৰ্শন কৰিলে অভিনেত্ৰী গৰাকীয়ে।

নুচৰতে তেওঁৰ ইনষ্টাগ্ৰামত কেদাৰনাথ দৰ্শনৰ কিছুমান ফটো শ্বেয়াৰ কৰিছে।ফটোসমূহত অভিনেত্ৰীগৰাকীক ভগৱান ভোলেনাথৰ প্ৰতি ভক্তিত নিমগ্ন হোৱা দেখা গৈছিল।

কপালত চন্দনৰ তিলক, ডিঙিত পদুম ফুলৰ মালা পৰিধান কৰি কেদাৰনাথ মন্দিৰৰ সন্মুখত হাঁহি হাঁহি ফটো উঠিলে নুচৰতে।

লগতে তেওঁ তাত থকা জীৱ-জন্তুত খাদ্যও খুৱাই।সামাজিক মাধ্যমত নিজৰ ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে যে “কেদাৰনাথ আৰু বদ্ৰীনাথত মোৰ প্ৰথম দৰ্শন”।

“শুনিছিলো কেদাৰনাথ ধামত সকলোৱে প্ৰশান্তি অনুভৱ কৰে।আজি নিজে দৰ্শন কৰি , কেদাৰবাবাৰ আশীৰ্বাদ লৈ মই কি অনুভৱ কৰিছো তাক বৰ্ণনা কৰিবলৈ মোৰ ওচৰত শব্দ নাই”।
Post Views: 47