উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক লৈ মুম্বাই আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ এটা ভাবুকিপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰা হৈছে।এজন ব্যক্তিয়ে মুম্বাই আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ বিভাগক এটা অজ্ঞাত নম্বৰৰ পৰা ফোন কৰি ভাবুকি দিছে । ভাবুকি দি কৈছে যে “ যদি ১০ দিনৰ ভিতৰত যোগী আদিত্যনাথে পদত্যাগ নকৰে, তেন্তে তেওঁৰ অৱস্থা বাবা চিদ্দিকীৰ দৰেই হ’ব”।শনিবাৰে সন্ধিয়া এই ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰাৰ পিছত, মুম্বাই আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।অৱশ্যে বৰ্তমান লৈকে অজ্ঞাত ব্যক্তি গৰাকীৰ পৰিচয় লাভ কৰা নাই।
Post Views: 260