সকলো শিক্ষানুষ্ঠানতে বাধ্যতামূলক হ’ব বন্দে মাতৰমঃ চৰকাৰৰ নিৰ্দেশনা

শিক্ষানুষ্ঠানত বাধ্যতামূলক হ’ব বন্দে মাতৰম

উত্তৰ প্ৰদেশৰ বিদ্যালয়সমূহত ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম বাধ্যতামূলক কৰা হ’ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়,”ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি,এই গীতটো প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়ত ৰাজহুৱাভাৱে  গাব লাগিব । এয়া সকলোৰে বাবে প্ৰয়োজনীয়।”

মুখ্যমন্ত্ৰী যোগীয়ে আৰু কয় যে জাতীয় ঐক্য আৰু অখণ্ডতাক দুৰ্বল কৰা কাৰকসমূহ আমি চিনাক্ত কৰিব লাগিব।তেওঁ আৰু কয়, “আমি চৰ্দাৰ বল্লভভাই পেটেলক আমাৰ আলোচনাৰ অংশ কৰি লোৱা উচিত,আমি উত্তৰ প্ৰদেশৰ সকলো শিক্ষানুষ্ঠানতে ৰাষ্ট্ৰীয় সংগীত বাধ্যতামূলক কৰিম যাতে উত্তৰ প্ৰদেশৰ প্ৰতিজন নাগৰিক ভাৰতমাতা আৰু মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধাবোধেৰে পৰিপূৰ্ণ হওক।”

লগতে পঢ়ক: স্থগিত ৰখা হ’ল NIOS 2025 পৰীক্ষা; শীঘ্ৰে ঘোষণা হ’ব তাৰিখ

‘ইণ্ডি মিত্ৰজোঁটৰ তিনিটা বান্দৰ-পাপ্পু, তপ্পু আৰু আপ্পু’; বিহাৰত যোগী আদিত্যনাথ বিস্ফোৰক মন্তব্য

বিহাৰত যোগী আদিত্যনাথ বিস্ফোৰক মন্তব্য

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত বিহাৰৰ দৰভংগাত এখন ৰাজহুৱা সভা সম্বোধন কৰে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলক ৰামদ্ৰোহী বুলি অভিহিত কৰে আৰু ক’লে যে যি মাতৃ জানকীৰ বিৰোধী, তেওঁ আমাৰো বিৰোধী।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী মহামিত্ৰজোঁটক তীক্ষ্ণ সমানোচনা কৰে।তেওঁ কয় যে, আৰজেডী আৰু কংগ্ৰেছীসকল হিন্দুদ্ৰোহী হয়।

আপোনালোকে হয়টো গান্ধীজীৰ তিনিটা বান্দৰৰ কথা নিশ্চয় শুনিছে।আজি ভাৰতীয় মিত্ৰজোঁটৰ তিনিটা বান্দৰ আহিছে-পাপ্পু, তপ্পু আৰু আপ্পুৰ নামত। এই মিত্ৰতা তিনিটা বান্দৰৰ যোৰ হয়।

মুখ্যমন্ত্ৰী যোগীয়ে কয় যে পাপ্পুৱে সঁচা কথা ক’ব নোৱাৰে।তপ্পুৱে সত্য দেখা নাপায় আৰু আপ্পুই সত্য শুনিব নোৱাৰে।

এই ভাৰতীয় মিত্ৰজোঁটৰ তিনিটা বান্দৰৰ যুটিয়ে বিহাৰত পৰিয়ালকেন্দ্ৰিক মাফিয়াক নিজৰ শিষ্য কৰি তেওঁলোকে নিৰাপত্তা ভংগ কৰাৰ কাম কৰি আছে।

তেওঁ আৰু কয় যে,আৰজেডি চৰকাৰৰ দিনত বিহাৰত ৭০ৰো অধিক হত্যাকাণ্ড সংঘটিত হৈছিল।জাতিগত সংঘৰ্ষ হৈছিল। পিষ্টল-বন্দুক লৈ বিহাৰৰ ব্যৱস্থা কলংকিত কৰিবলৈ কাম কৰিছিল।

লগতে পঢ়ক; “RJD ক্ষমতালৈ আহিলে অপহৰণ, ধন দাবী হত্যাৰ তিনিটা নতুন মন্ত্ৰালয় মুকলি হ’ব”; অমিত শ্বাহৰ বিস্ফোৰক মন্তব্য  

“যদি আমি ঐক্যবদ্ধ হওঁ, তেন্তে কোনো শক্তিয়ে আমাক বাধা দিব নোৱাৰে”; মুখ্যমন্ত্ৰী যোগীৰ মন্তব্য

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোৰখপুৰত হোলী উৎসৱ উদযাপন কৰিছে। মুখ্যমন্ত্ৰী যোগীয়ে গোৰখনাথ মন্দিৰলৈ গৈ স্থানীয় লোকসকলৰ মাজত হোলী খেলিছিল।

এই সময়ছোৱাত, মুখ্যমন্ত্ৰী যোগীয়ে জনসাধাৰণক সম্বোধন কৰে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা কয়।মুখ্যমন্ত্ৰী যোগীয়ে কয় যে যদি ভাৰতৰ জনসাধাৰণ ঐক্যবদ্ধ হয়, তেন্তে কোনো শক্তিয়ে তেওঁলোকক বাধা দিব নোৱাৰে।

হোলী উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুকুৰবাৰে ৰাষ্ট্ৰীয় ঐক্যৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ কৈছিল যে ভাৰতে কেৱল তেতিয়াহে বিকাশ কৰিব পাৰিব যেতিয়া সকলো ভাৰতীয়  ঐক্যবদ্ধ হয়।মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে যদি ভাৰত একত্ৰিত হয়, তেন্তে বিশ্বৰ কোনো শক্তিয়ে ইয়াক এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ পৰা বাধা দিব নোৱাৰিব।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোৰখপুৰত কয়, যিসকলে সনাতন ধৰ্মক সমালোচনা কৰিছিল তেওঁলোকে মহাকুম্ভৰ সময়ত ইয়াৰ শক্তি দেখিছিল।

৬৬০ মিলিয়নতকৈও অধিক লোকে কোনো বৈষম্য নোহোৱাকৈ পবিত্ৰ স্নান কৰিছিল। এনে এক অনন্য দৃশ্য দেখি পৃথিৱীবাসী আচৰিত হৈছিল।

যিসকলে ভাবিছিল যে হিন্দু সম্প্ৰদায় জাতিৰ ভিত্তিত বিভক্ত, তেওঁলোকে এইটো চোৱা উচিত। এইসকল সেই একেজন মানুহ যিয়ে অযোধ্যাৰ ৰাম লাল্লা মন্দিৰৰ বিৰোধিতা কৰিছিল।

“তেওঁলোকৰ কোনো পূৰ্বপুৰুষে স্বাধীনতা সংগ্ৰামত যুঁজ দিয়া নাছিল” ; মুখ্যমন্ত্ৰী যোগীক তীক্ষ্ণ সমালোচনা ওৱেচিৰ

অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ ৰাষ্ট্ৰীয় সভাপতি আসাদুদ্দিন ওৱেচিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক লক্ষ্য কৰি লৈছে।

তেওঁ কৈছিল, ‘যোগী আদিত্যনাথে কৈছিল যে উৰ্দু পঢ়াটোৱে এজন বিজ্ঞানী নকৰে, ই এজনক ধৰ্মান্ধ কৰি তোলে।’কিন্তু যোগীৰ কোনো পূৰ্বপুৰুষে স্বাধীনতা সংগ্ৰামত যুঁজ দিয়া নাছিল।

যোগীয়ে উৰ্দু অধ্যয়ন কৰা নাই, তেন্তে তেওঁ কিয় বিজ্ঞানী হোৱা নাছিল? এইটো আৰ এছ এছৰ বাবে যে আৰ্য সকলো বাহিৰৰ পৰাই আহিছিল। যদি কোনোবা ইয়াৰ হয় তেনেহলে তেওঁলোক জনজাতীয় আৰু দ্ৰাবিড়।

ওৱেচিয়ে কৈছিল যে, ‘যোগীয়ে নাজানে যে উৰ্দু হৈছে দেশৰ স্বাধীনতাৰ ভাষা।’বিজেপি কেবল এক ধর্ম, এক ভাষা, এক সংস্কৃতি আৰু এজন নেতা হিচাপেও দেখে।

ওৱেচিয়ে ৰমজানৰ সময়ত পেলেষ্টাইন আৰু গাজাৰ লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিবলৈও কৈছিল।

আসাদুদ্দিন ওৱেচিৰ ভায়েক আকবৰুদ্দিন ওৱেচিয়েও এটা বিবৃতি দিছে আৰু তেওঁৰ ভাতৃ আসাদুদ্দিনক প্ৰশংসা কৰিছে।

আকবৰুদ্দিন ওৱেচিয়ে কৈছে যে, ‘ইমান আৰ্তজনক, আপোনাৰ কথা মুকলিকৈ কোৱা কোনোবা আছেনে? CAA হওক বা NRC হওক, Waqf Bill হওক বা গ্ৰেপ্তাৰ হওক, তেওঁ যুঁজ দিছে, মুখামুখি হৈছে, আপোনাৰ মাত তুলিছে।

মহাকুম্ভৰ অন্তত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সংগমস্থলীত কৰিলে চাফাই;  অনাময় কৰ্মীৰ সৈতে আহাৰ গ্ৰহণ

মহাৰাত্ৰিৰ পৰ্বৰ পিছত বুধবাৰে অমৃত স্নানৰ পিছত প্ৰয়াগৰাজৰ মহাকুম্ভ ২০২৫ ৰ সমাপ্তি ঘটে। তাৰ পিছতেই আজি ২৭ তাৰিখে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে মহাকুম্ভৰ স্থান পৰিষ্কাৰ কৰিবৰ বাবে চাফাই কৰ্মীসকলৰ সৈতে হাতত ঝাড়ু তুলি লয়।

বৃহস্পতিবাৰে প্ৰয়াগৰাজত উপস্থিত হৈ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সমগ্ৰ কুম্ভমেলাত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি তেওঁলোকৰ দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ বাবে অনাময় কৰ্মীসকলক সন্মানিত কৰে।

ইয়াৰ পিছত, মুখ্যমন্ত্ৰী যোগীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মীসকলৰ সৈতে পেণ্ডেলত অনাময় কৰ্মীসকলৰ সৈতে আহাৰ গ্ৰহণ কৰিছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে অনাময় কৰ্মীসকলে যিধৰণে সম্পূৰ্ণ উৎসাহেৰে যিদৰে কুম্ভক লেতেৰামুক্ত কৰাৰ বাবে কাম কৰিছে সেয়া যিমান প্ৰশংসাৰ কৰিলেও কম হ’ব।

অনাময় কৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টা আৰু সহযোগিতাৰ বাবে কুম্ভ মেলা সফলতাৰে সম্পূৰ্ণ হৈছিল।আৱৰ্জনা মুক্ত কৰিবৰ বাবে সকলো কৰ্মচাৰীয়ে দিন-ৰাতি কাম কৰিছিল।

দেশী আৰু বিদেশী দুয়োটা স্থানৰ পৰা অহা ভক্তসকলে কুম্ভ মেলাত পৰিষ্কাৰৰ ব্যৱস্থা দেখি অত্যন্ত আনন্দিত হৈছিল।

চাফাই কৰ্মীসকলক  মহাকুম্ভকত স্বচ্ছতাক লৈ অতুলনীয় যোগদান দিয়াৰ বাবে চাফাই কৰ্মীসকলক ১০ হাজাৰকৈ টকা অতিৰিক্ত বোনাচ দিব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

কুম্ভ মেলাৰ পদপৃষ্টৰ ঘটনাক লৈ সংসদত হাহাকাৰ; প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যোগীৰ পদত্যাগৰ দাবীৰে শ্ল’গান বিৰোধীৰ

সোমবাৰে সংসদৰ বাজেট অধিৱেশনৰ সময়ত লোকসভাত ডাঙৰ হুলস্থূল হয়। প্ৰশ্নকালত, বিৰোধীয়ে প্ৰয়াগৰাজৰ মহা কুম্ভ মেলাত অমৃত স্নানৰ সময়ত সংঘটিত হোৱা পদদলিত ঘটনাৰ বিষয়টো উত্থাপন কৰিছিল।

বিৰোধীয়ে অভিযোগ কৰিছে যে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে মৃতকৰ সঠিক সংখ্যা লুকুৱাই ৰাখিছে আৰু চৰকাৰে মৃতকৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা উচিত। মন কৰিব লাগিব যে বাজেট অধিৱেশন ৰাষ্ট্ৰপতিৰ ভাষণৰ সৈতে আৰম্ভ হৈছিল।

শনিবাৰে সাধাৰণ বাজেট উপস্থাপনৰ পিছত প্ৰশ্নকালত সোমবাৰে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত আলোচনা চলি আছে। বিৰোধীৰ হুলস্থূলৰ মাজতে আলোচনা আৰম্ভ হয়, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেষত সঁহাৰি দিব।

লোকসভাৰ বিৰোধী সাংসদসকলে মহাকুম্ভত পদপৃষ্ট হোৱাক লৈ হুলস্থূল সৃষ্টি কৰিছে। তেওঁলোকে দাবী কৰিছে যে কুম্ভত মৃত্যু হোৱা সকলৰ তালিকা দুগুণ কৰা হ’ব।

ইয়াৰ প্ৰত্যুত্তৰত অধ্যক্ষ ওম বিৰলাৰ বিৰোধী সাংসদসকলৰ ওপৰত খং উঠে।তেওঁ কৈছিল যে ৰাইজে আপোনাকক মেজ খন ভাঙিবলৈ পঠোৱা নাছিল। আপোনালোক প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে নেকি?  

বিৰোধী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক পদত্যাগ কৰিবলৈ শ্লগা’ন দিছে।

“কেজৰিৱালে তেওঁৰ সহকৰ্মীসকলৰ সৈতে যমুনাত স্নান কৰিব নে?”  নিৰ্বাচনৰ প্ৰথমটো ৰেলীতে  মুখ্যমন্ত্ৰী যোগীয়ে আপক কৰিলে লক্ষ্য

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰথম খন ৰাজহুৱা সভা কিৰাৰী বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল।

যোগী আদিত্যনাথে ভাষণ আৰম্ভ কৰাৰ সময়ত প্ৰয়াগৰাজত চলি থকা মহাকুম্ভৰ কথা উল্লেখ কৰে।  তেওঁ কৈছিল যে প্ৰয়াগৰাজত শতিকাৰ আটাইতকৈ ডাঙৰ মহাকুম্ভ চলি আছে।

যোৱা ১০ দিনত, ত্ৰিবেণীত ১০ কোটি লোকে স্নান কৰিছে। প্ৰয়াগৰাজৰ সকলো ঠাই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে ৰাস্তাবোৰ ভাল হৈছে। যোৱাকালি মই মোৰ কেবিনেট সহকৰ্মীসকলৰ সৈতে সঙ্গমত গা ধুইছিলো।

যোগী আদিত্যনাথে কৈছিল যে অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ চৰকাৰে যমুনাক লেতেৰা নলালৈ পৰিণত কৰিছে।তেওঁ লগতে কয় যে -কেজৰিৱালৰ নৈতিক সাহস আছে নে তেওঁ দিল্লী কেবিনেটৰ সদস্যসকলৰ সৈতে গৈ যমুনাত স্নান কৰিব?

মুখ্যমন্ত্ৰী যোগীয়ে কৈছিল যে নয়ডাৰ ৰাস্তাবোৰ দিল্লীৰ ৰাস্তাতকৈ ভাল। যোগী আদিত্যনাথে আম আদমী পাৰ্টিক মিছাকথাৰ এটিএম বুলি অভিহিত কৰিছিল আৰু বিশ্বাসঘাতকতা কৰাৰ অভিযোগ কৰিছিল।

যোগীয়ে কৈছিল যে কেজৰিৱালে তেওঁৰ গুৰু আন্না হাজাৰেকো বিশ্বাসঘাতকতা কৰিছিল। তেওঁলোকে দেশ আৰু জনসাধাৰণক প্ৰতাৰণা কৰিছে।

২০২০ ৰ সময়ত আম আদমী পাৰ্টিৰ কাউন্সিলাৰসকলৰ সহযোগ সম্পূৰ্ণৰূপে উন্মোচিত হৈছিল। এই লোকসকলে ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে খেলি আছে। তেওঁলোকৰ ক্ষমতালৈ অহাৰ অধিকাৰ নাই।

তেওঁ আৰু কয় “মই দিল্লীত কেজৰিৱালক সুধিব বিচাৰো যে তেওঁ মন্ত্ৰীসকলৰ সৈতে যমুনাত গা ধুব পাৰিবনে? মই নাভাবো যে তেওঁক আইনৰ আদালতত ক্ষমা কৰা উচিত।

এইখন ৰাজধানী চহৰ আৰু যদি আমি এনডিএমচি এলেকা এৰি যাওঁ, তেন্তে দিল্লীত ৰাস্তা, পানী আৰু বিদ্যুতৰ স্থিতি কি।

এক দশক আগলৈকে, লোকসকলে সুবিধা, ৰাস্তা, মেট্ৰ’ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে দিল্লীলৈ আহিছিল। কিন্তু আজি কি কৰা হৈছে, ৰাস্তাত গাঁত আছে নে গাঁতৰ ৰাস্তা আছে সেয়া জনা নাযায়।

তাত আৱৰ্জনা আৰু লেতেৰাৰ স্তূপ আছে। ৰাস্তাত নৰ্দমা উপচি পৰিছে। খোৱা পানীৰ এক গুৰুতৰ সংকট হ’বলৈ গৈ আছে। মথুৰাৰ সাধুসকলেও আম আদমী পাৰ্টি চৰকাৰৰ পাপবোৰৰ বোজা বহন কৰিব লাগিব।

কিন্তু কেজৰিৱাল এণ্ড কোম্পানীয়ে সহযোগিতা কৰিব নিবিচাৰে। উন্নয়নত অৰিহণা যোগাব নিবিচাৰে। মানুহৰ বাবে কাম কৰিব নিবিচাৰে। ৰাতিপুৱাই সামাজিক মাধ্যমত মিছা টুইট কৰাটো তেওঁলোকৰ কাম।

আম আদমী পাৰ্টিৰ নেতা আৰু কেজৰিৱালে মিছা কথা কোৱাৰ এটিএমৰ ৰূপত যিমান সময় অতিবাহিত কৰে, তেওঁলোকে দিল্লী সলনি কৰিব পাৰিলেহেঁতেন।

আজিকালি কেজৰিৱালে ইউপিৰ বিষয়ে কথা কৈ আছে।দিল্লীৰ ভিতৰত ওখলা ঔদ্যোগিক এলেকা আছে, কিন্তু ইয়াত কোনো সুবিধা নাই।

আম আদমী পাৰ্টীয়ে দিল্লীত উদ্যোগ স্থাপনৰ অনুমতি দিয়া নাছিল কিন্তু বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক ৰক্ষা কৰিবলৈ কাম কৰিছিল। আৰু উত্তৰ প্ৰদেশৰ নিউ ওখলাৰ ছবিখন সকলোৰে সন্মুখত আছে।