RJD ক্ষমতালৈ আহিলে তিনিটা নতুন মন্ত্ৰালয় মুকলি হ’ব
বিহাৰ বিধানসভা নিৰ্বাচনৰ উত্তেজনাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে মুজাফ্ফৰপুৰত নিৰ্বাচনী সভাত ভাষণ দি RJD আৰু লালু প্ৰসাদ যাদৱৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই অমিত শ্বাহে লালু যাদৱৰ শাসনক জংগল ৰাজ বুলি অভিহিত কৰি ইয়াৰ পৰা বিহাৰক বচাবলৈ ভোটাৰক ভোট দিবলৈ আহ্বান জনায়।
লালু প্ৰসাদ যাদৱৰ পুত্ৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাক লৈ অমিত শ্বাহে তীক্ষ্ণ সমালোচনা কৰি কয় যে, যদি RJD ক্ষমতালৈ আহে,তেন্তে ৰাজ্যত তিনিটা নতুন মন্ত্ৰালয় মুকলি হ’ব।
গৃহমন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰি কয় যে,”লালুৰ পুত্ৰ যদি মুখ্যমন্ত্ৰী হয়,বিহাৰত তিনিটা নতুন মন্ত্ৰালয় মুকলি হ’ব। এজন অপহৰণ চলোৱা মন্ত্ৰী হ’ব, আনজন হ’ব ধন দাবীৰ মন্ত্ৰী।তৃতীয় অপহৰণ আৰু তেজেৰে ভৰা মন্ত্ৰী।”
তেওঁ বিহাৰবাসীক সোঁৱৰাই দি কয়,”আমি জংঘল ৰাজৰ পৰা স্বাধীনতা দিলোঁ।বিহাৰক জংঘল ৰাজৰ পৰা বচাবলৈ ভোট দিয়ক।বিহাৰক পুনৰ জংগল ৰাজলৈ উভতি যাব দিব নালাগে।”
তেওঁ আৰু কয় যে,”লালু জী আৰু ছোনিয়া জীয়ে দেশক লৈ চিন্তিত নহয়।লালুজীয়ে তেওঁৰ পুত্ৰ (তেজস্বী) মুখ্যমন্ত্ৰী আৰু ছোনিয়াজীয়ে তেওঁৰ পুত্ৰ (ৰাহুল গান্ধী) প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে।কিন্তু তেজস্বী না মুখ্যমন্ত্ৰী হ’ব পাৰিব, না ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব পাৰিব,কাৰণ খালী আসন নাই।”









