‘কংগ্ৰেছৰ কান্ধত বন্ধুক থৈ RJD এ চুৰি কৰিলে মুখ্যমন্ত্ৰীৰ আসন’

‘কংগ্ৰেছৰ কান্ধত বন্ধুক থৈ RJD এ চুৰি কৰিলে মুখ্যমন্ত্ৰীৰ আসন’; মহামিত্ৰজোঁটক প্ৰধানমন্ত্ৰীৰ তীক্ষ আক্ৰমণ

‘কংগ্ৰেছৰ কান্ধত বন্ধুক থৈ RJD এ চুৰি কৰিলে মুখ্যমন্ত্ৰীৰ আসন’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰাত এক বৃহৎ সমাৱেশত ভাষণ দি থকাৰ সময়তে আৰজেডি আৰু কংগ্ৰেছকে ধৰি গ্ৰেণ্ড এলায়েন্সৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, RJD এ কংগ্ৰেছৰ কান্ধত বন্ধুক থৈ মুখ্যমন্ত্ৰীৰ আসন চুৰি কৰিছে।

‘কংগ্ৰেছৰ কান্ধত বন্ধুক থৈ RJD এ চুৰি কৰিলে মুখ্যমন্ত্ৰীৰ আসন’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰাত এক বৃহৎ সমাৱেশত ভাষণ দি থকাৰ সময়তে আৰজেডি আৰু কংগ্ৰেছকে ধৰি গ্ৰেণ্ড এলায়েন্সৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, RJD এ কংগ্ৰেছৰ কান্ধত বন্ধুক থৈ মুখ্যমন্ত্ৰীৰ আসন চুৰি কৰিছে। লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ ওপৰত বাবা চাহেব আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামক অপমান কৰাৰো অভিযোগ কৰিছে।

আৰাত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰদান কৰে,য’ত তেওঁ মহামিত্ৰজোঁটৰ ভিতৰত হোৱা টাছলক আলোকপাত কৰি তেওঁ কয় যে,কংগ্ৰেছ আৰু আৰজেডিৰ মাজত তীব্ৰ সংঘাট চলি আছে। তাৰ পিছত কংগ্ৰেছে মুখ্যমন্ত্ৰী প্ৰাৰ্থীক সমৰ্থন ঘোষণা কৰিবলৈ বাধ্য হয়।

তেওঁ আৰু কয় যে,এন ডি এৰ ইস্তাহাৰত সামাজিক ন্যায়ৰ সমান্তৰালকৈ বিহাৰৰ সৰ্বাংগীন উন্নয়নৰ নিশ্চয়তা আছে।

আৰাত সমবেত হোৱা এই বিপুল জনসমাগমে কৈছে যেজনসাধাৰণে পুনৰবাৰ ৰাজ্যত এন ডি এ চৰকাৰ গঠনৰ সিদ্ধান্ত লৈছে। আপোনালোকৰ সন্তানৰ সপোন এতিয়া মোৰ দায়িত্ব।

বিহাৰৰ ৰাইজে এইবাৰ এন ডি এক অভিলেখ আসন দিবলৈ ওলাইছে,এই জংগলৰাজ ৰাইজে এইবাৰ আটাইতকৈ ডাঙৰ পৰাজয়ৰ অভিলেখ গঢ়িবলৈ ওলাইছে,বিহাৰৰ পুৰণি প্ৰজন্মৰ লগতে নতুন প্ৰজন্মই আন এখন এন ডি এ চৰকাৰ গঠন কৰিবলৈ বদ্ধপৰিকৰ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী পদৰ বাবে ডি কে শিৱকুমাৰে কেতিয়া ল’ব শপত? সিদ্দাৰমাইয়াৰ ডাঙৰ মন্তব্য