“পৃথিৱীত ডাইনচৰৰ যি অৱস্থা হ’ল, বিহাৰত RJD ৰো একেই অৱস্থা হ’ব”; মাঞ্জীৰ তীব্ৰ সমালোচনা

“পৃথিৱীত ডাইনচৰৰ যি অৱস্থা হ’ল, বিহাৰত RJD ৰো একেই অৱস্থা হ’ব”

বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত চৰকাৰ গঠন কৰিব বুলি দাবী কৰা ৰাষ্ট্ৰীয় জনতা দলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় আৰু মাত্ৰ ২৫খন আসনতে থমকিব লগা হয়।

এতিয়া কেন্দ্ৰীয় মন্ত্ৰী তথা হিন্দুস্তানী আৱাম মৰ্চাৰ মুৰব্বী জিতন ৰাম মাঞ্জীয়ে RJD ৰ অৱস্থাক লৈ তীব্ৰ সমালোচনা কৰিছে।

জিতন ৰাম মাঞ্জীয়ে সামাজিক মাধ্যমত এটা পোষ্টত লিখিছে যে, পৃথিৱীত ডাইনচৰৰ যিটো অৱস্থা হ’ল, আগন্তুক সময়ত বিহাৰত সেই অৱস্থা আৰজেডিৰো হ’ব।

এতিয়াটো সকলো লোকে ক’বলৈ লৈছে যে, পৃথিৱীত যদি পুনৰ ডাইনচৰ উভতি আহিব পাৰে কিন্তু বিহাৰত পুনৰ আৰজেডি আহিব নোৱাৰে।

লগতে পঢ়ক: ২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট; প্ৰাৰ্থী তালিকাত প্ৰাধান্য পাব নতুন মুখে

“আমি সেইখন খেল নেখেলো”; ভোটগণনাৰ পূৰ্বে RJD সাংসদ মনোজ ঝাৰ ডাঙৰ মন্তব্য

ভোটগণনাৰ পূৰ্বে RJD সাংসদ মনোজ ঝাৰ ডাঙৰ মন্তব্য

২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটদান দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল আৰু আজি ফলাফল ঘোষণা কৰা হ’ব। বিহাৰৰ জনতাই কোন দলৰ নেতাৰ ভাগ্যত কি লিখিছে সেই কথা আজি জানিব পৰা যাব।

ভোটগণনাৰ পূৰ্বে RJD ৰ সাংসদ মনোজ ঝাই কয় যে,’আমি বিহাৰৰ আশাৰ সৈতে আছো।বিহাৰ পৰিৱৰ্তনৰ বাবে সাজু হৈছে, আৰু আজি দুপৰীয়ালৈকে সেই কথা স্পষ্ট হৈ পৰিব।পৰিৱৰ্তন তেজস্বী জীৰ নেতৃত্বত আৰু মহাজোঁটৰ সৈতে আহিব’।

তেওঁ আৰু কয় যে, “মই বিশ্বাস কৰোঁ যে এগজিট প’ল মূলধনৰ খেল,বজাৰৰ খেল আৰু ৰজা সম্ৰাটৰ খেল।আৰু আমি সেই খেলবোৰ খেলা নাই।”

লগতে পঢ়ক: বিহাৰত কোনে মাৰিব শেষ হাঁহি? ৮ বজাৰ লগে লগেই আৰম্ভ হ’ব ভোটগণনা

‘বিহাৰক নেপাললৈ ৰূপান্তৰিত কৰিম’; উচটনিমূলক মন্তব্য দি বিপদত আৰজেডিৰ এমএলচি সুনীল সিং

বিপদত আৰজেডিৰ এমএলচি সুনীল সিং

বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ঠিক পূৰ্বে আৰজেডিৰ এম এল চি সুনীল সিঙৰ উচটনিমূলক বক্তব্যই ৰাজ্যখনৰ ৰাজনৈতিক উষ্ণতা বৃদ্ধি কৰিছে।

তেওঁ কৈছিল যে,ভোটগণনাত যদি কিবা অসৎ ব্যৱহাৰ হয় তেন্তে বিহাৰক বাংলাদেশ আৰু নেপাললৈ ৰূপান্তৰিত কৰা হ’ব। বিজেপি আৰু জেডিইউৰ আক্রমণ চলি থকাৰ সময়তে ৰাজ্যৰ আৰক্ষীয়ে এতিয়া কঠোৰ স্থিতি গ্রহণ কৰিছে৷

ৰাজ্যৰ ডিজিপি (আৰক্ষী সঞ্চালক প্ৰধান)ৰ নিৰ্দেশত পাটনাৰ চাইবাৰ আৰক্ষী থানাত সুনীল সিঙৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে।এই বক্তব্যক উচটনিমূলক আৰু সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰভাৱিত কৰা বুলি অভিহিত কৰিছিল ডিজিপিয়ে।

আৰজেডি নেতাৰ বক্তব্য সন্দৰ্ভত সোধাত তেওঁ কয় যে সেয়া ভুল।এই সন্দৰ্ভত এফআইআৰ দাখিল কৰা হৈছে। এয়া এক দায়িত্বহীন বক্তব্য।

যিদৰে স্বচ্ছতাৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল, ঠিক তেনেদৰে ভোটগণনাও হ’ব।এইটো এটা দায়িত্বহীন বক্তব্য, আৰু এফআইআৰ পঞ্জীয়ন কৰা হৈছে।

লগতে পঢ়ক: ‘টাইগাৰ অভি জিন্দা হ্যে…’ বিহাৰ নিৰ্বাচনৰ ফলাফল পূৰ্বে পাটনাত দেখা গ’ল বিশেষ পোষ্টাৰ

“RJD ক্ষমতালৈ আহিলে অপহৰণ, ধন দাবী হত্যাৰ তিনিটা নতুন মন্ত্ৰালয় মুকলি হ’ব”; অমিত শ্বাহৰ বিস্ফোৰক মন্তব্য

RJD ক্ষমতালৈ আহিলে তিনিটা নতুন মন্ত্ৰালয় মুকলি হ’ব

বিহাৰ বিধানসভা নিৰ্বাচনৰ উত্তেজনাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে মুজাফ্ফৰপুৰত নিৰ্বাচনী সভাত ভাষণ দি RJD আৰু লালু প্ৰসাদ যাদৱৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই অমিত শ্বাহে লালু যাদৱৰ শাসনক জংগল ৰাজ বুলি অভিহিত কৰি ইয়াৰ পৰা বিহাৰক বচাবলৈ ভোটাৰক ভোট দিবলৈ আহ্বান জনায়।

লালু প্ৰসাদ যাদৱৰ পুত্ৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাক লৈ অমিত শ্বাহে তীক্ষ্ণ সমালোচনা কৰি কয় যে, যদি RJD  ক্ষমতালৈ আহে,তেন্তে ৰাজ্যত তিনিটা নতুন মন্ত্ৰালয় মুকলি হ’ব।

গৃহমন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰি কয় যে,”লালুৰ পুত্ৰ যদি মুখ্যমন্ত্ৰী হয়,বিহাৰত তিনিটা নতুন মন্ত্ৰালয় মুকলি হ’ব। এজন অপহৰণ চলোৱা মন্ত্ৰী হ’ব, আনজন হ’ব ধন দাবীৰ মন্ত্ৰী।তৃতীয় অপহৰণ আৰু তেজেৰে ভৰা মন্ত্ৰী।”

তেওঁ বিহাৰবাসীক সোঁৱৰাই দি কয়,”আমি জংঘল ৰাজৰ পৰা স্বাধীনতা দিলোঁ।বিহাৰক জংঘল ৰাজৰ পৰা বচাবলৈ ভোট দিয়ক।বিহাৰক পুনৰ জংগল ৰাজলৈ উভতি যাব দিব নালাগে।”

তেওঁ আৰু কয় যে,”লালু জী আৰু ছোনিয়া জীয়ে দেশক লৈ চিন্তিত নহয়।লালুজীয়ে তেওঁৰ পুত্ৰ (তেজস্বী) মুখ্যমন্ত্ৰী আৰু ছোনিয়াজীয়ে তেওঁৰ পুত্ৰ (ৰাহুল গান্ধী) প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে।কিন্তু তেজস্বী না মুখ্যমন্ত্ৰী হ’ব পাৰিব, না ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব পাৰিব,কাৰণ খালী আসন নাই।”    

লগতে পঢ়ক: ‘কংগ্ৰেছৰ কান্ধত বন্ধুক থৈ RJD এ চুৰি কৰিলে মুখ্যমন্ত্ৰীৰ আসন’; মহামিত্ৰজোঁটক প্ৰধানমন্ত্ৰীৰ তীক্ষ আক্ৰমণ

তেজ প্ৰতাপ যাদৱৰ ওপৰত লালু যাদৱৰ এক্সন: ৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ

দলৰ পৰা বহিষ্কাৰ

ৰাষ্ট্ৰীয় জনতা দল অৰ্থাৎ আৰজেডিয়ে লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱক দলৰ পৰা বহিষ্কাৰ কৰিছে। টুইটযোগে এই কথা ঘোষণা কৰে আৰজেডিৰ চুপ্ৰেমো লালু প্ৰসাদ যাদৱে।

৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে তেজ প্ৰতাপ যাদৱক।বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে সামাজিক মাধ্যমত লিখিছে, ‘ব্যক্তিগত জীৱনত নৈতিক মূল্যবোধক অৱহেলা কৰিলে সামাজিক ন্যায়ৰ বাবে আমাৰ সামূহিক সংগ্ৰাম দুৰ্বল হৈ পৰে।

ডাঙৰ পুত্ৰৰ কাৰ্যকলাপ, ৰাজহুৱা আচৰণ আৰু দায়িত্বহীন আচৰণ আমাৰ পাৰিবাৰিক মূল্যবোধ আৰু পৰম্পৰা অনুসৰি নহয়।

সেয়ে উপৰোক্ত পৰিস্থিতিৰ বাবে তেওঁক দল আৰু পৰিয়ালৰ পৰা আঁতৰাই ৰাখিছো।এতিয়াৰে পৰা দল আৰু পৰিয়ালত তেওঁৰ কোনো ধৰণৰ ভূমিকা নাথাকিব। ৬ বছৰৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়।

লালু প্ৰসাদ যাদৱৰ উপৰিও তেজপ্ৰতাপৰ কনিষ্ঠ ভাতৃ তেজস্বী যাদৱেও ব্যক্তিগত জীৱন সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ স্বাধীন বুলি কয়।

তেওঁ দলৰ সভাপতি লালু প্ৰসাদ যাদৱৰ এই সিদ্ধান্তৰ সমৰ্থনত থকা বুলিও কয়।তেজপ্ৰতাপৰ বিষয়ে তেওঁ কয় যে তেওঁ এজন প্ৰাপ্তবয়স্ক আৰু নিজৰ সিদ্ধান্ত নিজে ল’ব পাৰে।

শেহতীয়াকৈ তেজ প্ৰতাপ যাদৱৰ এখন ফটো তেওঁৰ ফেচবুক একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছিল। এই ছবিখনত তেওঁক এগৰাকী মহিলাৰ সৈতে দেখা গৈছে।

ইয়াৰ লগতে লিখা আছিল যে দুয়োৰে মাজত ১২ বছৰ ধৰি সম্পৰ্ক আছে।অৱশ্যে কিছু সময়ৰ পাছত তেজ প্ৰতাপে কয় যে তেওঁৰ একাউণ্টো হেক কৰা হৈছে আৰু এই সকলোবোৰ তেওঁৰ বদনাম কৰিবলৈ কৰা হৈছে।

লগতে তেওঁ ফটোখনক ভুৱা বুলি অভিহিত কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এই ফটোখন সৃষ্টি কৰা বুলিও কয়।

এইবাৰ বিহাৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে লালুৰ পৰিয়ালৰ এই অস্থিৰতাই নিৰ্বাচনত ইছ্যু হৈ পৰিব পাৰে।এই ঘটনাই নিৰ্বাচনত ডাঙৰ প্ৰভাৱ পেলাব বুলিও অনুমান কৰা হৈছে।

লগতে পঢ়ক: আমি সন্ত্ৰাসবাদৰ নিঃশেষ কৰিবই লাগিব… ‘মন কি বাত’ত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

“এতিয়া পোনপটীয়াকৈ নিৰ্বাচন হ’ব…”; মুখ্যমন্ত্ৰী নীতিশক লগত লৈ যোৱাৰ প্ৰশ্নত খং উঠিল তেজস্বী যাদৱৰ

আৰজেডি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি থকা তেজস্বী যাদৱক দেওবাৰে যেতিয়া আৰজেডিৰ পৰা মহাজোটত যোগদান কৰাৰ বাবে নীতিশক প্ৰস্তাৱ দিয়া হৈছে নেকি বুলি প্ৰশ্ন কৰিছিল।

তেওঁ লগতে প্ৰশ্ন কৰিছিল যে  যদি তেওঁ মহাজোটলৈ আহে তেন্তে স্বাগতম জনাব নেকি? এই সন্দৰ্ভত, বিৰোধী দলৰ নেতাজনৰ খং উঠিছিল।

তেজস্বী যাদৱে খঙত কৈছিল যে এইটো বাজে কথা। এতিয়া বিহাৰত পোনপটীয়াকৈ বিধানসভা নিৰ্বাচন হ’ব।

তেজস্বী যাদৱে কৈছিল যে নীতিশ কুমাৰক লগত লৈ যোৱাৰ কোনো প্ৰশ্নই নাই। নীতিশ আৰু বিজেপি  চোৰ হয়। আমি চোৰসকলক আমাৰ লগত লৈ যাব নোৱাৰো।

আমাৰ দলৰ পৰা নীতিশক না পূৰ্বে   প্ৰস্তাৱ দিয়া হৈছিল না এতিয়া দিয়া হৈছে। তেওঁক প্ৰস্তাৱ দিয়া নহ’ব। বিবৃতি দিবলৈ কেৱল মোক আৰু লালু যাদৱ হে কৰ্তৃত্ব দিয়া হৈছে।

ইয়াৰ বাহিৰে এই বিষয়ে ক’বলৈ কাকো কৰ্তৃত্ব দিয়া নহয়। কিয়নো, এনে প্ৰশ্ন ক’ৰ পৰা আহে? এনে ধৰণৰ বাজে কথা ক’ব নালাগে।

তেজস্বীৰ বক্তব্যৰ পৰা এইটো স্পষ্ট যে নীতিশৰ বাবে মহাজোটৰ দুৱাৰ বন্ধ হৈ আছে। ইফালে, আৰজেডি নেতাসকলে নিয়মীয়াকৈ নীতিশক ভাবুকি দিয়ে যে বিজেপিয়ে জেডি(ইউ)ৰ বিধায়ক আৰু সাংসদসকলক ভাঙি পেলাব।

নীতিশক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাই দিব।   মুখ্যমন্ত্ৰীৰ আসনত তেওঁলোকৰ নিজৰ মানুহ বঢ়াব। জেডিইউক আঁতৰাই দিব।

আৰজেডি নেতাসকলে পৰোক্ষভাৱে নীতিশক মহাজোটত যোগদান কৰিবলৈ প্ৰস্তাৱ দিয়ে, কিন্তু তেজস্বীয়ে স্পষ্ট কৰি দিছে যে নীতিশৰ বাবে কোনো প্ৰস্তাৱ নাই।

অৱশ্যে, নীতিশে কেইবাবাৰো কৈছে যে তেওঁ দুবাৰকৈ দল সলনি কৰিছে, আৰু এতিয়া তেওঁ সদায় এন ডি এত থাকিব।