বিপদত আৰজেডিৰ এমএলচি সুনীল সিং
বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ঠিক পূৰ্বে আৰজেডিৰ এম এল চি সুনীল সিঙৰ উচটনিমূলক বক্তব্যই ৰাজ্যখনৰ ৰাজনৈতিক উষ্ণতা বৃদ্ধি কৰিছে।
তেওঁ কৈছিল যে,ভোটগণনাত যদি কিবা অসৎ ব্যৱহাৰ হয় তেন্তে বিহাৰক বাংলাদেশ আৰু নেপাললৈ ৰূপান্তৰিত কৰা হ’ব। বিজেপি আৰু জেডিইউৰ আক্রমণ চলি থকাৰ সময়তে ৰাজ্যৰ আৰক্ষীয়ে এতিয়া কঠোৰ স্থিতি গ্রহণ কৰিছে৷
ৰাজ্যৰ ডিজিপি (আৰক্ষী সঞ্চালক প্ৰধান)ৰ নিৰ্দেশত পাটনাৰ চাইবাৰ আৰক্ষী থানাত সুনীল সিঙৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে।এই বক্তব্যক উচটনিমূলক আৰু সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰভাৱিত কৰা বুলি অভিহিত কৰিছিল ডিজিপিয়ে।
আৰজেডি নেতাৰ বক্তব্য সন্দৰ্ভত সোধাত তেওঁ কয় যে সেয়া ভুল।এই সন্দৰ্ভত এফআইআৰ দাখিল কৰা হৈছে। এয়া এক দায়িত্বহীন বক্তব্য।
যিদৰে স্বচ্ছতাৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল, ঠিক তেনেদৰে ভোটগণনাও হ’ব।এইটো এটা দায়িত্বহীন বক্তব্য, আৰু এফআইআৰ পঞ্জীয়ন কৰা হৈছে।
লগতে পঢ়ক: ‘টাইগাৰ অভি জিন্দা হ্যে…’ বিহাৰ নিৰ্বাচনৰ ফলাফল পূৰ্বে পাটনাত দেখা গ’ল বিশেষ পোষ্টাৰ









