শিক্ষানুষ্ঠানত বাধ্যতামূলক হ’ব বন্দে মাতৰম
উত্তৰ প্ৰদেশৰ বিদ্যালয়সমূহত ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম বাধ্যতামূলক কৰা হ’ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়,”ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি,এই গীতটো প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়ত ৰাজহুৱাভাৱে গাব লাগিব । এয়া সকলোৰে বাবে প্ৰয়োজনীয়।”
মুখ্যমন্ত্ৰী যোগীয়ে আৰু কয় যে জাতীয় ঐক্য আৰু অখণ্ডতাক দুৰ্বল কৰা কাৰকসমূহ আমি চিনাক্ত কৰিব লাগিব।তেওঁ আৰু কয়, “আমি চৰ্দাৰ বল্লভভাই পেটেলক আমাৰ আলোচনাৰ অংশ কৰি লোৱা উচিত,আমি উত্তৰ প্ৰদেশৰ সকলো শিক্ষানুষ্ঠানতে ৰাষ্ট্ৰীয় সংগীত বাধ্যতামূলক কৰিম যাতে উত্তৰ প্ৰদেশৰ প্ৰতিজন নাগৰিক ভাৰতমাতা আৰু মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধাবোধেৰে পৰিপূৰ্ণ হওক।”
লগতে পঢ়ক: স্থগিত ৰখা হ’ল NIOS 2025 পৰীক্ষা; শীঘ্ৰে ঘোষণা হ’ব তাৰিখ









